Tuesday, July 5, 2022
HomeNewsপুনৰ এবাৰ বক্সিং ৰিঙত ধুমুহা আনিবলৈ সাজু মাইক টাইছন : অপেক্ষা ২৮...

পুনৰ এবাৰ বক্সিং ৰিঙত ধুমুহা আনিবলৈ সাজু মাইক টাইছন : অপেক্ষা ২৮ নৱেম্বৰলৈ

তুষাৰ প্ৰতিম

পুনৰ এবাৰ বক্সিঙৰ ৰিঙত ধুমুহা আনিব দুৰ্দান্ত বক্সাৰ মাইক টাইছনে। অহা মাহত কেলিফৰ্ণিয়াত অনুষ্ঠিত হ’বলগীয়া এখন মেচত মাইক টাইছনে যুঁজ দিব ৰয় জোনছৰ বিৰুদ্ধে।

অহা মাহত কেলিফৰ্ণিয়াত হ’বলগীয়া এই মেচখনৰ বাবে ইতিমধ্যে তাৰ এথলিটক আয়োগে অনুমতি প্ৰদান কৰিছে। মনকৰিবলগীয়া যে এইখন এখন প্ৰদৰ্শনীমূলক মেচ যদিও দুয়োজন বক্সাৰে ইয়াক অতি গভীৰভাৱে লোৱা পৰিলক্ষিত হৈছে।

এক সংবাদ মেল সম্বোধন কৰি মাইক টাইছনে কৈছে, এইখন কি প্ৰকৃত মেচ নহয় নেকি? এইখন মাইক টাইছন আৰু ৰয় জোনছৰ মাজৰ মেচ। ময়ো খেলিবলৈ আহিছোঁ আৰু ৰয় জোনছো খেলিবলৈ আহিছে। ইফালে ৰয় জোনছে আকৌ কৈছে, মাইক টাইছনৰ বিৰুদ্ধে ৰিঙত নামিলে কোনে ইয়াক প্ৰদৰ্শনীমূলক বুলি ভাবিব? ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে মেচখন কিমান উত্তেজনাপূৰ্ণ হ’ব!

উল্লেখযোগ্য যে ২৮ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত ৮টা ৰাউণ্ড থাকিব আৰু প্ৰতিটো ৰাউণ্ডতে ২ মানিটকৈ সময় লাগিব। এসময়ত বক্সিঙৰ ৰিঙত ধুমুহাৰ সৃষ্টি কৰা মাইক টাইছনে ২০০৫ চনৰ পৰা কোনো আনুষ্ঠানিক মেচত ভাগলোৱা নাই। আনহাতে ৰয় জোনছে ২০১৮চনতেই শেষবাৰৰ বাবে ৰিঙত নামিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments