Monday, October 3, 2022
HomeNewsপুনৰ ক্ৰিকেটৰ পথাৰত দেখিবলৈ পোৱা যাব যুৱৰাজ সিঙক

পুনৰ ক্ৰিকেটৰ পথাৰত দেখিবলৈ পোৱা যাব যুৱৰাজ সিঙক

অলিম্পিয়াৰ প্ৰতিবেদন

ভাৰতৰ পূৰ্বৰ তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ লক্ষ্য এইবাৰ অষ্ট্ৰেলিয়াৰ জনপ্ৰিয় ক্ৰিকেট লীগ বিবিএলৰ ওপৰত। ক্ৰিকেটাৰগৰাকীয়ে এইবাৰ বিবিএলত অংশগ্ৰহণ কৰাৰ মন মেলিছে। এই সম্পৰ্কত যুৱৰাজৰ সিংৰ মেনেজাৰ গৰাকীয়ে ইংগিত প্ৰদান কৰিছে। ইয়াৰ উপৰিও ক্ৰিকেট অষ্ট্ৰেলিয়াই যুৱৰাজৰ বাবে ক্লাব নিশ্চিত কৰাত যুৱৰাজক সহায় আগবঢ়াইছে বুলিও চৰ্চা চলিছে।

মনকৰিবলগীয়া যে বৰ্তমানলৈকে কোনো ভাৰতীয় খেলুৱৈয়ে অষ্ট্ৰেলিয়াৰ বিবিএল ক্ৰিকেট লীগত অংশগ্ৰহণ কৰা নাই। কিয়নো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কোনো সক্ৰিয় ভাৰতীয় ক্ৰিকেটাৰক বিদেশী লীগত অংশগ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰা নাই। অৱশ্যে বিচিচিআইৰ এই নিয়ম যুৱৰাজৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। কিয়নো তেওঁ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও তেওঁ আই পি এলত মুম্বাইৰ হৈ খেলি আছিল যদিও মুম্বাই ইণ্ডিয়ানছৰ ফালৰ পৰা যুৱৰাজক যোৱাবছৰ ৰিলিজ কৰি দিয়া হৈছে। যাৰ বাবে এতিয়া ইচ্ছা কৰিলে এতিয়া যুৱৰাজক বিদেশী লীগত অংশগ্ৰহণ কৰাৰ পৰা বিচিচিআইৰ কোনো নীতি নিয়মে বাধা দিব নোৱাৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments