Wednesday, July 6, 2022
HomeNewsপুনৰ ক্ৰিকেটৰ মহাতাৰকা যশপ্ৰীত বুমৰাহ অভিলেখ

পুনৰ ক্ৰিকেটৰ মহাতাৰকা যশপ্ৰীত বুমৰাহ অভিলেখ

পুনৰ ক্ৰিকেটৰ মহাতাৰকা যশপ্ৰীত বুমৰাহ অভিলেখ

অলিম্পিয়া প্রতিবেদন : যশপ্ৰীত বুমৰাহে ক্ৰিকেট বিশ্বত ৰোপন কৰিলে মাইলৰ খুটি । পুনৰ ক্ৰিকেটৰ মহাতাৰকা যশপ্ৰীত বুমৰাহ অভিলেখ । চলিত আইপিএলত বলিঙত উজ্বলিল বুমৰাহ । টি-২০ ত ২৫০ টা উইকেট কৰা ভাৰতীয় বলাৰৰ কৃতিত্ব অৰ্জন কৰিলে বুমৰাহে ।

আৰু অধিক পঢ়ক

সগৌৰৱেৰে মহাৰাষ্ট্ৰত অব্যাহত আছে এই ছিজনৰ আই পি এল । ১০ টাকৈ দলে মৈদানত উজাৰি দিছে নিজৰ শ্ৰেষ্ঠত্ব । প্লে অফত প্ৰৱেশৰ বাবে তুমুল যুঁজ দিছে দলসমূহে । তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ মুম্বাই ইণ্ডিয়ানছৰ এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ । মংগলবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে এনে এখন হাইভল্টেজ মেচত অৱৰ্তীণ হ’ল ৰোহিত শৰ্মাৰ নেতৃত্বৰ মুম্বাই ইণ্ডিয়ানছ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

সুখৰ বিষয়টো এয়াই যে ছানৰাইজাৰ্ছৰ বিৰুদ্ধে এই মেচতে ভাৰতীয় পেচাৰ গৰাকীয়ে অৰ্জন কৰিলে এক বিৰল কৃতিত্ব । ভাৰতীয় বলাৰ হিচাপে ২৫০ টা উইকেট দখল কৰা প্ৰথমগৰাকী বলাৰ হোৱাৰ অভিলেখ ৰচিলে যশপ্ৰীত বুমৰাহে । উল্লেখযোগ্য যে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দুৰ্ধৰ্ষ বেটাৰ ৱাশ্বিংটন সুন্দৰৰ উইকেট দখল কৰাৰ লগে লগে এই কৃতিত্বৰ অধিকাৰী হ’ল বুমৰাহ । কেন উইলিয়ামচন নেতৃত্বৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ইনিংছৰ অন্তিমটো বলত এই অভিলেখৰ গৰাকী হ’ল জনপ্ৰিয় ক্ৰিকেটাৰ গৰাকী ।

উল্লেখযোগ্য যে, বুমৰাহৰ পাছতে তালিকাৰ দ্বিতীয় স্থানত আছে আনগৰাকী ভাৰতীয় বলাৰ ভূৱনেশ্বৰ কুমাৰ । ভূৱনেশ্বৰে এই পৰ্যন্ত টি-২০ ত ২২৩ টা উইকেট দখল কৰি দ্বিতীয় স্থান অধিকাৰ কৰিছে ।

ক্ৰীড়া অনুৰাগীৰ আশা — ভাৰতীয় বলাৰৰ বলিং ত্রাস হওক অপ্ৰতিৰোধ্য । বুমৰাহৰ দৰে ক্ৰিকেটাৰসকলে গঢ়ি যাওক ইটোৰ পিছত সিটো অভিলেখ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments