Thursday, July 7, 2022
HomeNewsপুনৰ চেম্পিয়নছ ট্ৰফী জয় ৰিয়েল মাদ্ৰিদৰ, শুভ মুহূৰ্তত দল এৰিলে...

পুনৰ চেম্পিয়নছ ট্ৰফী জয় ৰিয়েল মাদ্ৰিদৰ, শুভ মুহূৰ্তত দল এৰিলে তাৰকা অধিনায়ক মাৰ্চেলোৱে

অলিম্পিয়া প্ৰতিবেদন

আন এক অভিলেখ । চতুৰ্দশবাৰৰ বাবে ৰিয়েল মাদ্ৰিদে জয় কৰিলে উৱেফা চেম্পিয়নছ লীগৰ খিতাপ । প্ৰতিযোগিতাৰ ফাইনেলত লিভাৰপুলৰ বিৰুদ্ধে ৰিয়েল মাদ্ৰিদে জয়লাভ কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।
ফাইনেলত লিভাৰপুলৰ বিৰুদ্ধে ৰিয়েল মাদ্ৰিদৰ অধিনায়কৰ আৰ্মবেণ্ড পৰিধান কৰি বেঞ্জেমাই খেলপথাৰত নামিছিল যদিও অফিচিয়েলি মাৰ্চেলোৱেই ৰিয়েল মাদ্ৰিদৰ অধিনায়ক । সেই অনুসৰি মাৰ্চিলোৰ ৰিয়েল মাদ্ৰিদৰ হৈ এয়া আছিল ২৫ সংখ্যক ট্ৰফী ।

১৬ বছৰ পূৰ্বেই আজিৰ তাৰকা তেতিয়াৰ কিশোৰ মাৰ্চেলোৱে ব্ৰাজিলৰ পৰা আহি স্পেইনৰ ৰাজধানীত ভৰি থৈছিল । ইয়াৰ উদ্দেশ্যে আছিল আন এজন কিংবদন্তি ব্ৰাজিলিয়ান লেফ্ট বেক ৰবেৰ্টো কাৰ্লোছৰ বদলিৰ পাছত দলত নিজৰ স্থান সুৰক্ষিত কৰা ।
তাৰ পিছৰে পৰা এটাৰ পিছত আন এটা বছৰ পাৰ হৈ গৈছে । সময়ৰ সোঁতত মাৰ্চেলোৰ কেৰিয়াৰ প্ৰায় শেষ হোৱাৰ পথত । কেৰিয়াৰৰ এই সময়ছোৱাত মাৰ্চেলোৱে চলিত ছিজনৰ লীগ আৰু চেম্পিয়নছ লীগ জয় কৰি লছ ব্লাঙ্কোছৰ ইতিহাসৰ অন্যতম সফল ফুটবলাৰ হিচাপে পৰিগণিত হৈ পৰিছে ।
এনে সফলতাৰ ইতিহাস ৰচনা কৰি এতিয়া জিৰণিৰ দিশে আগবাঢ়িছে মাৰ্চেলো । কিয়নো ব্ৰাজিলিয়ান মাৰ্চেলোক পৰৱৰ্তী ছিজনৰ পৰা ৰিয়েলৰ হৈ আৰু খেলপথাৰত দেখা নাযাব । ৰিয়েল মাদ্ৰিদৰ সৈতে মাৰ্চেলোৰ চুক্তি চলিত ছিজনতে সমাপ্ত হ’ব ।
৫০০ তকৈ অধিক মেচ খেলি মাৰ্চেলোৱে সৰ্বকালৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ কিংবদন্তি হিচাপে ক্লাব ত্যাগ কৰিব ।ৰিয়েল মাদ্ৰিদৰ বহু বিজয়ৰ নায়ক মাৰ্চেলোৱে এইবাৰ লীগত অধিক খেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰা নাছিল । আঘাতৰ সমস্যাৰে ভূগি আছিল মাৰ্চেলো ।
তেওঁ লীগত মাত্ৰ ১২ খন খেল খেলিছে । আঘাতৰ সমস্যাত ভাৰাক্ৰান্ত হোৱা মাৰ্চেলোৱে নিজেই ৰিয়েল মাদ্ৰিদৰ ট্ৰফী পেৰেডৰ সময়ত ঘোষণা কৰিলে যে তেওঁ আৰু ক্লাবত নাথাকিব ।
এই প্ৰসংগত তেওঁ সাংবাদিকক কয়, “আজিৰ দিনটো অতি উত্তম । এই শুভ মুহূৰ্তত ইয়াৰ পৰাই মই পৃথিৱীৰ শ্ৰেষ্ঠ ক্লাবত মোৰ যাত্ৰা সমাপ্ত কৰিছো । আজিৰ দিনটো দুখৰ দিন নহয়, এটা আনন্দৰ দিন। কিয়নো আজি আমি পুনৰ বিশ্বৰ শ্ৰেষ্ঠ চেম্পিয়নশ্বিপ জয় কৰিছো । মোৰ পৰিয়াল আৰু মই সকলোৱে এই যাত্ৰাৰ বাবে অতি গৌৰৱান্বিত ।”
ইয়াৰ উপৰি মাৰ্চেলোৱে কয়, “মই ভাবো এই যুৱ প্ৰজন্মৰ বাবে মাদ্ৰিদৰ ভৱিষ্যত অতি উজ্জ্বল । হালা মাদ্ৰিদ ।” অৱশ্যে মাৰ্চেলোৱে আশ্বাস দিছে ভৱিষ্যত সময়ত তেওঁক ৰিয়েল মাদ্ৰিদত বেলেগ ভূমিকাত দেখিবলৈ পোৱা যাব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments