Tuesday, July 5, 2022
HomeNewsপুনৰ ফৰাচী অপে’নৰ খিতাপ নাদালৰ ,শচীনৰ টুইট

পুনৰ ফৰাচী অপে’নৰ খিতাপ নাদালৰ ,শচীনৰ টুইট

পুনৰ ফৰাচী অপে’নৰ খিতাপ নাদালৰ ,শচীনৰ টুইট

অলিম্পিয়া প্ৰতিবেদন: ফৰাচী অ’পেন মানেই ৰাফেল নাদালৰ জয়জয়কাৰ ৷ ৰোলা গাঁৰোত নাদালক পৰাস্ত কৰাতো এক অবিশ্বাস্য ঘটনাৰ দৰেই ৷ ১৩ বাৰৰ ফৰাচী অ’পেনৰ চেম্পিয়নজনক পৰাস্ত কৰাতো যে সহজ কথা নহয় সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে তেওঁ ৷ দেওবাৰে নৰৱেৰ টেনিছ তাৰকা কেম্পাৰ ৰুডক ৬-৩, ৬-৩, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰি কেৰিয়াৰৰ চতুৰ্দশ ফৰাছী অ’পেনৰ খিতাপ জয় কৰে ৷

আৰু অধিক পঢ়ক

নাদালৰ এয়া ২২ তম গ্ৰেণ্ডশ্লাম খিতাপ ৷ স্পেইনৰ ৩৬ বৰ্ষীয়ান তাৰকাৰ এই সফলতাৰ বাবে সকলোৱে তেওঁক প্ৰশংসাৰে উপচাই পেলোৱাৰ সময়তে সামাজিক মাধ্যমত ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ এটা পোষ্টে দৃষ্টি আকৰ্ষণ কৰিছে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

‘‘The Humility and concern shown by Nadal is what makes him so special’’ ‘‘নাদালে দেখুওৱা নম্ৰতা আৰু উদ্বেগে তেওঁক বিশেষ কৰি তুলিছে ৷’’ আচলতে শুকুৰবাৰে ফৰাচী অ’পেনৰ ছেমি ফাইনেলত দ্বিতীয় ছেট শেষ হোৱাৰ পূৰ্বেই ভৰিত আঘাট পাই হুইলচেয়াৰত কান্দি কান্দি ক’ট এৰিব লগা হৈছিল আলেকজেণ্ডাৰ জেৰভে ৷

জাৰ্মান তাৰকা গৰাকীয়ে কৰ্টত কান্দি থকা গোটেই সময়ছোৱা তেওঁৰ সৈতে আছিল নাদাল ৷ জেৰভৰ আঘাতে কন্দুৱাইছিল নাদালকো ৷ ক’ৰ্টৰ ত্ৰুতি-বিচ্যুতিৰ বাবে নহয় ; সেয়া আছিল এক দুৰ্ঘটনা ৷ অতি দুখজনক– নাদালে কয় ৷ ছেমি ফাইনেলত জেৰেভৰ প্ৰত্যাহ্বান শক্তিশালী আছিল বুলি স্বীকাৰ কৰিছে নাদালে ৷ টুইটাৰত নাদাল আৰু জেৰেভৰ ফটো শ্বেয়াৰ কৰি নাদালৰ সমবেদনা আৰু সহানুভূতিৰ প্ৰশংসা কৰিছে ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments