Thursday, July 7, 2022
HomeNewsপুনৰ বিপদত টকিঅ' অলিম্পিক

পুনৰ বিপদত টকিঅ’ অলিম্পিক

১৪ মে’, গুৱাহাটী : পুনৰ বিপদত টকিঅ’ অলিম্পিক। জাপানী প্ৰকাশন Nikkei চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি জনোৱা অনুসৰি, আন্তৰ্জাতিক খেলুৱৈ আৰু কৰ্মচাৰীসকলক স্বাগতম জনোৱাৰ বাবে পঞ্জীয়ন কৰা জাপানৰ ৫০০ খন চহৰৰ ভিতৰত ৪০ চহৰে তেওঁলোকৰ দায়িত্ব প্ৰত্যাহাৰ কৰিছে। এই চহৰসমূহত খেলুৱৈসকলে খেলত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰশিক্ষণ আৰু সাংস্কৃতিক বিনিময়ৰ বাবে ব্যৱস্থা কৰা হৈছিল। নিজ দায়িত্ব প্ৰত্যাহাৰ কৰা চহৰকেইখনৰ চিন্তা হৈছে যে, কৰ’নাভাইৰাছ সংক্ৰমণৰ চতুৰ্থ ঢৌৰ মাজত কৰ’না অত্যাধিক সংক্ৰমণ হ’লে চিকিৎসা ব্যৱস্থাৰপ ওপৰত অত্যাধিক বোজা বহন কৰিব লাগিব।

কৰ’না ভাইৰাছৰ বাবেই টকিঅ’ ২০২০ (২০২১) অলিম্পিক গেমছ যোৱা বছৰ পিছুৱাই দিয়া হৈছিল আৰু বৰ্তমান কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱা স্বত্বেও, আয়োজক চহৰত জৰুৰীকালীন অৱস্থা বাহাল থকাৰ সময়তো আগন্তুক ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি কোৱা হৈছে। ইফালে অলিম্পিকৰ খেলুৱৈসকলক আতিথ্য দিয়াৰ বাবে নিৰ্ধাৰিত অঞ্চলবোৰো কৰ’নাত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত আছে যাৰ চিবাৰ পূব প্ৰান্ত, য’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেক এণ্ড ফিল্ড দলৰ এটা প্ৰশিক্ষণ শিবিৰ আছিল। এই শিবিৰত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত বাতিল কৰিছে দলটোৱে।

জাপানৰ একাংশন পৌৰসভাই দেশৰ শীৰ্ষ চিকিৎসা উপদেষ্টাৰ ভাষ্যক গুৰুত্ব প্ৰদান কৰিছে। জাপানৰ শীৰ্ষ চিকিৎসা উপদেষ্টাই উদ্বেগ প্ৰকাশ কৰিছে যে যদি অলিম্পিকৰ খেলবোৰ ‘চুপাৰস্প্ৰেডাৰ’ অনুষ্ঠানলৈ ৰূপান্তৰিত হয় তেন্তে জাপানৰ চিকিৎসা ব্যৱস্থাই কেনেদৰে মোকাবিলা কৰিব সেয়া চিন্তাৰ বিষয়। জাপানৰ চিকিৎসা উপদেষ্টা শিগেৰু অমীয়ে বৃহস্পতিবাৰে জাপানৰ আইন প্ৰণেতাসকলক উদ্দেশ্যি কৈছে, অলিম্পিকৰ সময়ছোৱাত কিমান চিকিৎসা সেৱাৰ বোজা পৰিব সেয়া মূল্যাঙ্কন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। লগতে তেওঁ এপ্ৰিলৰ পৰা দেখা দিয়া জাপানৰ পৰিস্থিতিৰ কথা দোহাৰে।

আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে বুধবাৰে কৈছিল যে তেওঁলোকে ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ জাপানৰ পদক্ষেপসমূহক সমৰ্থন কৰিছে আৰু টকিঅ’ অলিম্পিক এক “ঐতিহাসিক” অনুষ্ঠান হিচাপে পৰিগণিত হ’ব বুলি প্ৰকাশ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments