পুনৰ বিয়াত বহিব বেডমিণ্টন সুন্দৰী জ্বালা গুট্টা

আগন্তুক ২২ এপ্ৰিলত দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব দেশৰ বেডমিণ্টন সুন্দৰী জ্বালা গুট্টা। ৩৭ বৰ্ষীয় শ্বাটলাৰ গৰাকীয়ে পূৰ্বৰ ক্ৰিকেটাৰ, অভিনেতা তথা চবি প্ৰযোজক বিষ্ণু বিশালৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলিব। গুট্টাই নিজৰ বিয়াৰ কথা সামাজিক মাধ্যমৰ জড়িয়তে ৰাজহুৱা কৰিছে।

জ্বালা গুট্টা আৰু বিষ্ণু বিশাল দুয়োগৰাকীৰেই এয়া দ্বিতীয় বিবাহ। ২০০৫ চনত জ্বালাই সতীৰ্থ শ্বাটলাৰ চেতন আনন্দৰ লগত বিয়াত বহিছিল যদিও ২০১১ ত দুয়োগৰাকীৰ বিবাহ বিচ্ছেদ হয়। আনহাতে বিষ্ণু বিশালে ২০১০ চনত বিয়াত বহিছিল যদিও ২০১৮ ত তেওঁৰ বিবাহ বিচ্ছিদ হৈছে। বিষ্ণুৰ প্ৰথমগৰাকী পত্নীৰ ফালৰ পৰা আছে এটা পুত্ৰ সন্তানো। ২০১৮ চনৰ পৰাই বিষ্ণু আৰু জ্বালাৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল।

উল্লেখ্য যে বিষ্ণু গুট্টাই চবি জগতলৈ অহাৰ পূৰ্বে তামিলনাডুৰ হৈ লীগ মেচত অংশগ্ৰহণ কৰিছিল। আৰ আশ্বিনৰ লগত এসময়ত একেলগে ক্ৰিকেট খেলিছিল। দুৰ্ভাগ্যজনক ভাৱে ভৰিত আঘাত পোৱাৰ পিছতে বিষ্ণুৱে ক্ৰিকেট এৰি অভিনয় জগতলৈ আহে।

Leave a Reply

Your email address will not be published. Required fields are marked *