Thursday, July 7, 2022
HomeNewsপুনৰ ব্ৰহ্মপুত্ৰত জাঁপ দিলে অসম সাঁতোৰৰ 'গ্লেমাৰ বয়' এলভিছে

পুনৰ ব্ৰহ্মপুত্ৰত জাঁপ দিলে অসম সাঁতোৰৰ ‘গ্লেমাৰ বয়’ এলভিছে

ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ জাঁঁপ দিলে অসম সাঁতোৰৰ গ্লেমাৰ বয় এলভিছ আলী হাজৰিকাই। এইবাৰ এলভিছক সংগ দিলে তেওঁৰ একালৰ সহযোগী তথা অসম সাঁতোৰৰ ক্ষেত্ৰখনৰ সফল প্ৰশিক্ষক বাবুল গুৰুং আৰু পশ্চিমবঙ্গৰ ৰিম’ শাহাই।

চলিত বছৰৰ আগষ্ট মাহত পুনৰ চেনেল চুইমিংৰ বাবে যাব এলিভছ আলী হাজৰিকা। ইংলিছ চেনেল, কেটলিনা চেনেলৰ পিছত এইবাৰ নৰ্থ চেনেল সাঁতোৰিব এলভিছ আলী হাজৰিকাই।

‌ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে প্ৰায় ডেৰ বছৰ ব্ৰহ্মপুত্ৰত অনুশীলন কৰাৰ পৰা বিৰত থাকিবলগীয়া হোৱা এলভিছে, আজি পুনৰ ব্ৰহ্মপুত্ৰত অনুশীলন আৰম্ভ কৰিছে। উজান বজাৰ ঘাটৰ পৰা শৰাইঘাটলৈ আকৌ শৰাইঘাটৰ পৰা উজানবজাৰ ঘাটলৈ সাঁতোৰি ঘূৰি অহাৰ পৰিকল্পনা এলভিছ আৰু তেওঁৰ দুয়োজন সতীৰ্থৰ।

প্ৰায় ডেৰ বছৰৰ মূৰত পুনৰ ব্ৰহ্মপুত্ৰত সতীৰ্থৰ লগত সাঁতোৰিবলৈ আহি উৎফুল্লিত হৈ পৰিল অসম সাঁতোৰৰ গ্লেমাৰ বয়জন। “কৰ’না ভাইৰাছ আৰু লকডাউনৰ পিছত পিছত প্ৰায় ডেৰ বছৰৰ মূৰত পুনৰ ব্ৰহ্মপুত্ৰত সাঁতোৰিবলৈ পাই ভাল লাগিছে। এয়া কোনো ইভেণ্ট নহয়। আগষ্টত নৰ্থ চেনেল সাঁতোৰিবলৈ যাম, তাৰেই প্ৰস্তুতি।”- এলভিছে ক’লে এইদৰে।

আনহাতে এলভিছৰ একালৰ সতীৰ্থতথা ক্ৰীড়া প্ৰাধিকৰণৰ সাঁতোৰৰ প্ৰশিক্ষক বাবুল গুৰুঙেও সুদীৰ্ঘ বিৰতিৰ মূৰত এলভিছৰ লগত সাঁতোৰিবলৈ পায় উৎফুল্লিত হৈ পৰে। তেওঁ কয়, প্ৰায় ১৮ বছৰৰ মূৰত এলভিছৰ লগত আজি আকৌ ব্ৰহ্মপুত্ৰত সাঁতোৰিম। খুব ভাল লাগিছে।

লভিছ আলী হাজৰিকাৰ লগত ইতিমধ্যে ইংলিছ চেনেল আৰু কেটলিনা চেনেল সাঁতোৰা পশ্চিমবঙ্গৰ ৰিম’ শাহাই আকৌ কয় যে, তেওঁ ব্ৰহ্মপুত্ৰত আজি প্ৰথমবাৰ সাঁতোৰিব। ইতিমধ্যে ইংলিছ চেনেল আৰু কেটলিনা চেনেল এলভিছৰ লগত সাঁতোৰি এইবাৰ নৰ্থ চেনেল সাঁতোৰিবলৈ পৰিকল্পনা লৈছোঁ।

উল্লেখ্য যে এলভিছ আলী হাজৰিকা আৰু তেওঁৰ দুই সতীৰ্থক ব্ৰহ্মপুত্ৰত আজি সাঁতোৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সকলো ব্যৱস্থা কৰি দিছে। প্ৰায় ৩০ কিলোমিটাৰ সাঁতোৰৰ এই সময়ছোৱাত এলভিছ আৰু তেওঁৰ সতীৰ্থ দুজনক SDRF ৰ তৰফৰ পৰাও সহযোগিতা আগবঢ়োৱা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments