Tuesday, July 5, 2022
HomeNewsপুনৰ ভাৰত বনাম পাকিস্তান ৷

পুনৰ ভাৰত বনাম পাকিস্তান ৷

অলিম্পিয়া প্ৰতিবেদন

পুনৰ ভাৰত বনাম পাকিস্তান ৷ ২৩ মে’ত ইণ্ডোনেছিয়াত দুই চিৰবৈৰী দেশৰ মহাসমৰ ৷

চিৰবৈৰী ভাৰত আৰু পাকিস্তান পুনৰ সমুখ সমৰৰ বাবে প্ৰস্তুত হৈছে ৷ হিৰ এছিয়া কাপত অহা ২৩ মে’, সোমবাৰে দুয়ো দেশে দীৰ্ঘদিনৰ বিৰতিত পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷ উক্ত মেচখনৰ টিভি সম্প্ৰচাৰণক কেন্দ্ৰ কৰি বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ মাজত গভীৰ উৎকণ্ঠাৰ সৃষ্টি হৈছে ৷

আশা কৰা অনুসৰি মেচখন টেলিভিচন যোগে প্ৰত্যক্ষ কৰা দৰ্শকৰ সংখ্যাই আন এক অভিলেখৰ সৃষ্টি কৰিব ৷ ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্তাত আৰম্ভ হ’ব হিৰ পুৰুষ এছিয়া কাপ হকী টুৰ্ণামেণ্ট ৷ এছিয়াৰ শীৰ্ষস্থানীয় দেশবোৰে অংশ ল’ব লগা এই সন্মানজনক প্ৰতিযোগিতাখন বিশ্বকাপ হকীৰ যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতা হিচাপে বিবেচনা কৰা হয় ৷ ২৩ মে’ত আৰম্ভ হ’ব লগা এই টুৰ্ণমেণ্টৰ পুল ‘এ’ত আছে আয়োজক ইণ্ডোনেছিয়াৰ লগতে ভাৰত, জাপান আৰু পাকিস্তান ৷ আনহাতে পুল ‘বি’ত আছে মালয়ছিয়া, কোৰিয়া, ওমান আৰু বাংলাদেশ ৷ সোমবাৰৰ পুল ‘এ’ৰ মেগা যুঁজত ভাৰতৰ বিৰুদ্ধে নামিব পাকিস্তান ৷

এই বহু প্ৰত্যশিত হাই ভল্টেজ মেচখন সম্পৰ্কত এছিয়ান হকী ফেডাৰেচনৰ সম্পাদকপ্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া দাটো তায়াব ইক্ৰামে কয় যে ভাৰত আৰু পাকিস্তানৰ মেচ বুলিলে সদায়েই দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে ৷ তায়াব ইক্ৰামে কয়, ‘‘টিভি সম্প্ৰচাৰণৰ দিশৰ পৰা ভাৰত আৰু পাকিস্তানৰ মেচ বুলিলে বিশ্ব হকীত দৰ্শকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয় ৷

এই প্ৰসংগত ভাৰত আৰু পাকিস্তানে বৰ্তমান শ্ৰেষ্ঠ দুটা দলক লৈ খেলিবলৈ আগবাঢ়িছে আৰু আমি দৰ্শকৰ আগ্ৰহ পুনৰ বৃদ্ধি হোৱাতো বিচাৰো ৷ সমগ্ৰ টুৰ্ণমেণ্টখনত অংশগ্ৰহণকাৰী দলবোৰৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শিত হ’ব ৷’’ লক্ষ্যণীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ কমিছনৰ সদস্য তায়াব আক্ৰাম আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ কাৰ্যনিৰ্বাহক বৰ্ডৰ সদস্য তথা আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেছন ফাউণ্ডেছনৰ কোষাধ্যক্ষ ৷ হিৰ এছিয়া কাপত ছুপাৰ-ফ’ৰ পদ্ধতি অৱলম্বন কৰা হেতুকে ভাৰত আৰু পাকিস্তানে টুৰ্ণমেণ্টখনত দুবাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে ৷

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা দুবাৰৰ অলিম্পিয়ান চৰ্দাৰ সিঙে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বত আছে ৷ ইফালে এছিয়ান গেমছৰ পূৰ্বৰ স্বৰ্ণ পদক বিজয়ী ছেইগফ্ৰেড একমান আছে পাকিস্তান দলৰ মুখ্য প্ৰশিক্ষকৰূপে ৷
এছিয়া হকীৰ দুটা বৃহৎ দলৰ এই মহাসমৰ সম্পৰ্কত তায়াব ইক্ৰামে কয়, ‘‘ছেইগফ্ৰেড একমান আৰু চৰ্দাৰ সিং দুয়ো মোৰ অত্যন্ত ঘনিষ্ঠ ৷ দুয়োটা দলৰ দল পৰিচালনা আৰু প্ৰশিক্ষণৰ কথা যদি কোৱা যায় তেনেহলে প্ৰশিক্ষণৰ দিশটোৱে অধিক গুৰুত্ব লাভ কৰিব ৷

প্ৰশিক্ষণৰ দিশৰ পৰা ভাৰত আৰু পাকিস্তান দুয়োটা দলৰ সুকীয়া দৰ্শন আছে ৷ দুয়োটা দলেই অত্যন্ত দক্ষ ৷ ছেইগফ্ৰেডৰ যথেষ্ঠ অভিজ্ঞতা আছে ৷ তেওঁ সুকীয়া কৌশল গ্ৰহণ কৰিব ৷ আনহাতে, ভাৰতীয় দলৰ প্ৰশিক্ষক চৰ্দাৰ সিঙৰো এই পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে অধিক অভিজ্ঞতা সম্পন্ন ৷

কভিড ১৯ মহামাৰীৰ পাছত সমগ্ৰ এছিয়াত পুনৰ হকী প্ৰচলনৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহবানৰ সৃষ্টি হোৱা বুলি তায়াব ইক্ৰামে মন্তব্য কৰে ৷ উল্লেখ্য যে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ পাছত ভাৰতীয় দলৰ বাবে এই প্ৰতিযোগিতাই হ’ব অন্যতম বৃহৎ আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট ৷ আপাতত: অপেক্ষা অহা ২৩ মে’ৰ মেগা যুজঁ খনৰ বাবে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments