Tuesday, October 4, 2022
HomeNewsপুনৰ সাগৰ সাঁতুৰিব এলভিছে, গুৱাহাটীত ফ্লেগ অফ কাৰ্যসূচী

পুনৰ সাগৰ সাঁতুৰিব এলভিছে, গুৱাহাটীত ফ্লেগ অফ কাৰ্যসূচী

পুনৰ সাগৰ সাঁতুৰিব এলভিছে, গুৱাহাটীত ফ্লেগ অফ কাৰ্যসূচী

অলিম্পিয়া প্ৰতিবেদন: জলকোঁৱৰ এলভিছ আলী হাজৰিকাৰ নতুন প্ৰত্যাহ্বান । নৰ্থ চেনেল সাঁতুৰিব অসম সন্তান এলভিছে । মঙলবাৰে আয়াৰলেণ্ড অভিমুখে ৰাওনা হ’ব অসম সাঁতোৰৰ গ্লেমাৰ বয়ে ।

অহা ছেপ্টেম্বৰৰ শেষভাগত ইউৰোপৰ নৰ্থ চেনেলৰ নৰ্থ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ সাঁতুৰিব এলভিছ আলী হাজৰিকাই । মংগলবাৰে ৰাধা গোবিন্দ ক্ৰীড়া প্ৰকল্পত এই অভিযানৰ ফ্লেগ অফ কৰিলে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে ।

এই দুঃসাহসিক অভিযানৰ পূৰ্বে ২২ দিনীয়া অনুশীলন কৰিবলৈ আয়াৰলেণ্ডলৈ ৰাওনা হ’ব এলভিছ । বৰ্তমান সেই অঞ্চলত পানীৰ তাপমাত্ৰা ১০ ৰ পৰা ১১ ডিগ্ৰী ছেলছিয়াছ উষ্ণতাত আছে । তেওঁৰ এই অভিযান যাতে সাফল্যমণ্ডিত হয়, তাৰ বাবে এই অনুশীলন অত্যন্ত গুৰুত্বপূৰ্ণ ।

এলভিছৰ ৰিলে পাৰ্টনাৰ হিচাপে থাকিব ৰেম’ সাহা । উল্লেখযোগ্য যে, নৰ্থ চেনেলত একক সাঁতোৰ কৰিছে পুণেৰ ৰোহান মূৰে নামৰ এগৰাকী সাতোৰবিদে । কিন্তু নৰ্থ চেনেলত ৰিলে কোনেও কৰা নাই । অসম সন্তান এলভিছৰ ৰিলে যদি সফল হয়, তেনে কেৱল ভাৰতৰ বাবেই নহয় এছিয়াৰ বাবে হব ই এক বিৰল অভিলেখ ।

এলভিছে ৪২ কিলোমিটাৰ জলপথ অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ১৩ ঘন্টাত । সাগৰীয় জলপথত এলভিছ মুখামুখি হ’ব জেলিফিছৰ দৰে সাগৰীয় প্ৰাণীৰ । এই সাঁতোৰ কিমান ভয়ংকৰ হ’ব শুনক এলভিছৰ মুখেৰেই —-

এই অভিযান সফল হোৱাৰ কামনা কৰিলে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে । অসম অলিম্পিক সন্থাৰ হৈ সন্তৰণবিদ জনক জনালে শুভেচ্ছা আৰু অভিনন্দন —

এলভিছৰ নেৰানেপেৰা প্ৰচেষ্টাক লৈ সুখী ভাৰতীয় বক্সিং ফেডাৰেচনৰ সম্পাদক হেমন্ত কলিতা । তেওঁও অসম সন্তান জনক জনালে শুভেচ্ছা ।সৰুৰে পৰা এলভিছ আলী হাজৰিকাই যি দুঃসাহসিক ক্ৰীড়া কৰি আহিছে শলাগিলে অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে । তেওঁ সন্তৰণবিদ জনৰ সফলতা কামনা কৰিলে –অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰিলে অসম টাংচু ডু সন্থাৰ সম্পাদক দেৱজিৎ গগৈয়ে —-

ক্ৰীড়া অনুৰাগীৰ আশা —- নৰ্থ চেনেলত অসম সন্তান এলভিছে উৰুৱাওক ভাৰতৰ বিজয়ধ্বজা । চেনেল সাঁতোৰত ৰূপন কৰক মাইলৰ খুঁটি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments