Sunday, October 2, 2022
HomeNewsপুনৰ CSK ত যোগদান কৰিব পাৰে ৰাইনাই!

পুনৰ CSK ত যোগদান কৰিব পাৰে ৰাইনাই!

অলিম্পিয়াৰ প্ৰতিবেদন

পুনৰ CSK দলত যোগ দিবলৈ ডুবাইলৈ ৰাওনা হ’ব পাৰে তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনা। এক সাক্ষাৎকাৰত সুৰেশ ৰাইনাই কৈছে, CSK আৰু তেওঁৰ মাজত কোনোধৰণৰ কথা হোৱা নাই। ভাৰতলৈ ঘূৰি অহাটো তেওঁৰ নিজৰ সিদ্ধান্ত। এই সিদ্ধান্ত গ্ৰহণ কৰোঁতে তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। ইয়াৰ উপৰিও তেওঁ কয় যে, CSK তেওঁৰ পৰিয়াল আৰু মহেন্দ্ৰ সিং ধোনি তেওঁৰ বাবে সকলো। তেওঁৰ আৰু CSL ৰ মাজত কোনো বিবাদ নাই।

ৰাইনাই আকৌ কয়, কোনো খেলুৱৈয়ে ১২.৫ কোটি টকা এনেই এৰিব নোৱাৰে। ইয়াৰ অন্তৰালত গুৰুত্বপূৰ্ণ কাৰণ থাকিব লাগিব। মই যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছোঁ মই কিন্তু যুৱক হৈয়ে আছোঁ আৰু ৪/৫ বছৰলৈকে আই পি এল খেলি থাকিব পাৰোঁ।

CSK লৈ পুনৰ ঘূৰি অহাৰ ইংগিত প্ৰদান কৰি ৰাইনাই কয় যে, কোৱাৰেণ্টাইনৰ সময়ত মই ধাৰাবাহিকভাৱে অনুশীলন কৰি আছিলোঁ। আপুনি মোক নাজানে । আপুনি মোক পুনৰ CSK ৰ কেম্পত দেখিবলৈ পাব পাৰে।

আনহাতে CSK ৰ স্বত্বাধিকাৰী এন শ্ৰীনিবাসনৰ সম্পৰ্কত কয়, তেওঁ মোৰ পিতৃৰ দৰে। তেওঁ মোক সদায়েই পুত্ৰৰ দৰে চাই আহিছে। মই আই পি এল এৰাৰ প্ৰকৃত কাৰণ তেওঁ নাজানে। এজন দেউতাকে নিজৰ সন্তানক গালি পাৰিব পাৰে। তেওঁ এতিয়া মই গুছি অহাৰ কাৰণ গম পাইছে আৰু তেওঁ এতিয়া মোৰ সিদ্ধান্তৰ লগত আছে। শ্ৰীনিবাসনে সদায়েই মোক সমৰ্থন কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments