Monday, October 3, 2022
HomeNewsপুৰুষ আৰু মহিলা উভয় দলৰ খেলুৱৈয়ে লাভ কৰিব সমান পাৰিশ্ৰমিক

পুৰুষ আৰু মহিলা উভয় দলৰ খেলুৱৈয়ে লাভ কৰিব সমান পাৰিশ্ৰমিক

অলিম্পিয়াৰ প্ৰতিবেদন

পুৰুষ আৰু মহিলাৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰ‌ই লৈছে বিভিন্ন পদক্ষেপ। তাৰ মাজতো অজিও বহু দেশৰ খেলুৱৈৰ মাজত পাৰিশ্ৰমিক প্ৰদানৰ নামত ভিন্নতা থকা পৰিলক্ষিত হয়। একেখন দেশৰ ফুটবলৰ পুৰুষ দলটোৰ খেলুৱৈয়ে যিমান পাৰিশ্ৰমিক লাভ কৰে সেই একেখন দেশৰ মহিলা ফুটবল খেলুৱৈয়ে একেই পাৰিশ্ৰমিক লাভ নকৰে। যাক লৈ ভিন্ন সময়ত ভিন্ন বিতৰ্ক।

ভাবকচোন যদি ব্ৰাজিলৰ নেইমাৰে যি পৰিমাণৰ পাৰিশ্ৰমিক লাভ কৰে সেই একেই পৰিমাণৰ পাৰিশ্ৰমিক ব্ৰাজিলৰ মহিলা ফুটবলাৰ মাৰ্তা, ফ’ৰ্মিগা আদিয়েও লাভ কৰে তেনে কেনে হ’ব! নিশ্চিয় তেওঁলোক আৰ্থিকভাৱে স্বচ্ছল হ’ব। এয়া পুৰুষ আৰু মহিলাৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰ সুন্দৰ উপায় নহয়নে?

শেহতীয়াকৈ ব্ৰাজিলে গ্ৰহণ কৰিছে এনে এক।সিদ্ধান্ত। এযিয়াৰে পৰা ব্ৰাজিলৰ পুৰুষ আৰু মহিলা উভয় দলৰ খেলুৱৈয়ে সমান পাৰিশ্ৰমিক লাভ কৰিব।

CBF ৰ মূৰব্বী Rogerio Cabolo য়ে এই বিষয়ত কয় যে, CBF য়ে পুৰুষ আৰু মহিলা উভয়কে সম সন্মান প্ৰদান কৰিছে। এই বিষয়ে মাৰ্চ মাহতেই মহিলা দলটোক অৱগত কৰোৱা হৈছিল। এই ব্যৱস্থা অহা বছৰ টকিঅ’ অলিম্পিকত ভাগ লোৱা পুৰুষ আৰু মহিলা দলৰ ক্ষেত্ৰত গ্ৰহণ কৰাৰ লগতে আগন্তুক বিশ্বকাপৰ মহিলা আৰু পুৰুষ দলটোৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া, নৰৱে, নিউজিলেণ্ড আদি দেশত ইতিমধ্যে প্ৰযোজ্য হৈ আছে আৰু আমেৰিকাৰ মহিলা ফুটফল দলটোৱে এই প্ৰাপ্য আদায়ৰ বাবে আদালতৰ দ্বাৰস্ত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments