তুষাৰ প্ৰতিম
এইবাৰ এটা পুৰুষ ফুটবল দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিলে এগৰাকী মহিলা প্ৰশিক্ষকে। ৰাজপথত ল’ৰাৰ সৈতে ফুটবল খেলি ডাঙৰ হোৱা ইজিপ্তৰ ফাইজা হাইদৰ নামৰ এই মহিলা প্ৰশিক্ষকগৰাকীয়ে এতিয়া দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ক্ৰীড়া বিশ্বৰ। ইতিমধ্যে ইজিপ্তৰ মহিলা ফুটবল দলৰ অধিনায়ক হিচাপে দেশক প্ৰতিনিধিত্ব কৰা ফাইজা হাইদৰে এইবাৰ ইজিপ্তৰেই চতুৰ্থ ডিভিজন ক্লাব আইডিয়াল গ’ল্ডিৰ মুখ্য প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ হৈছে।

এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ফাইজাই কয় যে তেওঁ পূৰ্বে প্ৰশিক্ষণ দিওঁতে কিছু অস্বস্তি অনুভৱ কৰিছিল। কিন্তু পৰবৰ্তী সময়ত বুজি পালোঁ তেওঁলোকে মোৰ পৰা সচাই শিকিব বিচাৰে।

আনহাতে প্ৰথম অৱস্থাত ৰাজপথত ল’ৰাৰ লগত ফুটবল খেলিবলৈ লোৱাত ফাইজাক নিজৰেই ঘৰখনৰ পৰা বাধা দিছিল বুলিও জনাইছে। ফাইজাৰ মাতৃ আবদালৰহমানে সংবাদ মাধ্যমৰ আগত জনাইছে যে, মই প্ৰথমে ফাইজাক ফুটবল খেলিবলৈ যোৱাত বাধা দিছিলোঁ। কিন্তু মোৰ কথা শুনা নাছিল। ফাইজাই ফুটবল ভাল পায়। তেওঁ এতিয়া সমগ্র দেশৰে গৌৰৱ।