Friday, September 30, 2022
HomeNewsপূৰ্ণ দৰ্শকেৰে জীপাল হোৱাৰ দিশে ইডেন গাৰ্ডেন

পূৰ্ণ দৰ্শকেৰে জীপাল হোৱাৰ দিশে ইডেন গাৰ্ডেন

পূৰ্ণ দৰ্শকেৰে জীপাল হোৱাৰ দিশে ইডেন গাৰ্ডেন

অলিম্পিয়া প্ৰতিবেদন: বহু বিচাৰ বিবেচনাৰ অন্তত অৱশেষত সিদ্ধান্তত উপনীত হ’ল বি চি চি আই । যোৱা শনিবাৰে কলকাতাবাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে এপেক্স কমিটীৰ এখন বৈঠকত ললে এই সিদ্ধান্ত । পূৰ্ণ দৰ্শকৰ উপস্থিতিৰে সৌৰভ গাংগুলীৰ ঘৰুৱা চহৰ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এলৰ দুখনকৈ মেচ । অহা ২৪ আৰু ২৬ মে’ত অনুষ্ঠিত হ’ব কোৱালিফায়াৰ আৰু এলিমিনেটৰ দুয়োখন মেচ আৰু দুয়োখন মেচ একেটা ষ্টেডিয়ামতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চিআইয়ে । লগতে সভাপতি গৰাকীয়ে এক সংবাদমেল যোগে অহা ২৪ ৰ পৰা ২৮ মে’ পৰ্যন্ত অনুষ্ঠিত হ’ব লগা চেলেঞ্জাৰ ছিৰিজৰ নক আউট পৰ্যায়ৰ খেলসমূহৰ সন্দৰ্ভতো কয় বহু কথা ।

আৰু অধিক পঢ়ক

সেই মেচসমূহৰ বাবে বি চি চি আয়ে নিৰ্বাচন কৰিছে কলকাতা আৰু লক্ষ্ণৌৰ দুটা ষ্টেডিয়াম । আনহাতে ২৯ মে’ ত অনুষ্ঠিত হ’ব লগা ফাইনেল মেচখন বি চি চি আইৰ সচিব জয় শ্বাহৰ চহৰ গুজৰাটত আয়োজন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিলে এপেক্স কমিটীয়ে । পূৰ্ণ দৰ্শকৰ উপস্থিতিৰে অনুষ্ঠিত হ’ব লগা এই মেচসমূহক লৈ এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত বাঢ়িছে উৎকণ্ঠা । সন্দেহৰ আৱৰ্তত সকলো — “কোন হ’ব এইবাৰৰ চেম্পিয়ন” ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

অলিম্পিয়া আলোচনী মাৰ্চ
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments