Tuesday, October 4, 2022
HomeNewsপূৱ মণ্ডল এথলেটিকছৰ দ্বিতীয় দিনাও অসমৰ সুন্দৰ প্ৰদৰ্শন

পূৱ মণ্ডল এথলেটিকছৰ দ্বিতীয় দিনাও অসমৰ সুন্দৰ প্ৰদৰ্শন

পূৱ মণ্ডল এথলেটিকছৰ দ্বিতীয় দিনাও অসমৰ সুন্দৰ প্ৰদৰ্শন

অলিম্পিয়া প্ৰতিবেদন: বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত চলি থকা পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসম দলে দ্বিতীয় দিনাও সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে । দেওবাৰে অসমে লাভ কৰিছে ৩ টা সোণ, ১ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক সহিতে ৯ টা পদক ।

ইয়াকে ধৰি অসমৰ সৰ্বমুঠ পদকৰ সংখ্যা ২৬টালৈ বৃদ্ধি পালে । প্ৰতিযোগিতাৰ দ্বিতীয় দিনা পদক বিজয়ী খেলুৱৈসকল হ’ল ক্ৰমে সোণৰ পদক অপ্সৰা সোনাৰ (৩০০০ মিটাৰ ৰেচ ৱাক), কপিল লাহন (ডিচকাছ), ধৃতিমা উজীৰ (৬০০ মিটাৰ); ৰূপৰ পদক ৰিমঝিম শইকীয়া (৩০০ মিটাৰ দৌৰ) আৰু ব্ৰঞ্জৰ পদক আস্থাজিত কোঁৱৰ ( ১১০মিটাৰ হাৰ্ডলছ), ডেনিম বৰুৱা (হাইজাম্প), জেকী কবিৰ (৬০০মিটাৰ দৌৰ), মুন্না কুমাৰ ব্ৰহ্ম (৪০০মিটাৰ দৌৰ) আৰু মহিলাৰ ২০ বছৰ অনূৰ্ধ্ব শাখাত ৪×১০০ মিটাৰ ৰীলে দৌৰত অসম দলে লাভ কৰে ব্ৰঞ্জৰ পদক (মেৰিনা কো‌ঁৱৰ, ডিম্পী মেধি প্ৰতীক্ষা বৰুৱা আৰু সংঘামিত্ৰা পল) । বিহাৰৰ পৰা এই তথ্য জনাইছে অসম দলৰ মেনেজাৰ জেহৰুল ইছলামে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments