পেলেৰ অভিলেখ স্পৰ্শ কৰিলে লিয়নেল মেছিয়ে। স্পেনিছ লা লিগাত ভেলেন্সিয়াৰ বিৰুদ্ধে খেলা এখন মেচত বাৰ্চিলোনাৰ হৈ মেছিয়ে মেছিয়ে এটা গ’ল কৰি পেলেৰ এক বিশেষ অভিলেখ স্পৰ্শ কৰিলে।
ফুটবলৰ ইতিহাসত এটা ক্লাবৰ হৈ সৰ্বাধিক গ’ল কৰাৰ তালিকাত শীৰ্ষত আছিল পেলে। ব্ৰাজিলৰ মহান ফুটবলাৰ পেলেই নিজৰ কেৰিয়াৰত ছাণ্টোছৰ হৈ ৬৬৫ খন মেচত ৬৪৩ টা গ’ল কৰিবলৈ সক্ষম হৈছিল। কালি মেছিয়ে বাৰ্চিলোনাৰ হৈ ভেলেন্সিয়াৰ বিৰুদ্ধে এটা গ’ল কৰাৰ পিছতে তেওঁ পেলেৰ এই অভিলেখ স্পৰ্শ কৰে। মেছিয়ে বৰ্তমানলৈকে কেৰিয়াৰত ৭৪৮ খন মেচ খেলি ৬৪৩ টা গ’ল কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে অভিলেখ স্পৰ্শ কৰা মেচখনত বাৰ্চিলোনাই ভেলেন্সিয়াৰ লগত ২-২ গ’লত ড্ৰ খেলি পইণ্ট ভগাই লয়।