Monday, July 4, 2022
HomeNewsপোন প্ৰথমবাৰৰ বাবে বাতিল হ'ল ৰঞ্জী ট্ৰফী

পোন প্ৰথমবাৰৰ বাবে বাতিল হ’ল ৰঞ্জী ট্ৰফী

বাতিল কৰা হৈছে চলিত চিজনৰ ঘৰুৱা প্ৰতিযোগিতাখ ৰঞ্জী ট্ৰফী। প্ৰতিযোগিতাখনৰ আয়োজক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বাতিল কৰিলে প্ৰতিযোগিতাখন।
কৰ’না মহামাৰীৰ বাবেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। ৰঞ্জী ক্ৰিকেটৰ ৮৭ বছৰীয়া ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীৰ প্ৰতিযোগিতা এইদৰে বাতিল কৰিবলগীয়া হৈছে।

অৱশ্যে ৰঞ্জী ট্ৰফীৰ বাহিৰে অন্যান্য ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হ’ব বুলি জনাইছে ব’ৰ্ডে।

ব’ৰ্ডে প্ৰকাশ কৰা অনুসৰি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ অতি কমেও দুমাহ সময়ৰ প্ৰয়োজন। কিন্তু ঘৰুৱা ক্ৰিকেটৰ অন্যান্য ছুটি সংস্কৰণৰ প্ৰতিযোগিতাবোৰৰ সৈতে ৰঞ্জী ট্ৰফী প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ বিচিচিআই-এ সাহস কৰিব পৰা নাই।

আনহাতে এপ্ৰিলৰ প্ৰথম ভাগৰ পৰাই চলিত বৰ্ষৰ আইপিএল অনুষ্ঠিত হ’ব। ব’ৰ্ডে মাৰ্চ মাহৰ শেষৰ ফালে আইপিলএৰ বাবে সকলো ক্ৰিকেটাৰকে ঘৰুৱা ক্ৰিকেট সূচীৰ পৰা মুকলি কৰি দিব।
সেয়ে ব’ৰ্ডে ঘৰুৱা ক্ৰিকেটৰ অন্যান্য ছুটি সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি দীঘলীয়া সংস্কৰণৰ ৰঞ্জী প্ৰতিযোগিতা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে ৰঞ্জী ট্ৰফীৰ প্ৰতিযোগিতা অনুষ্ঠিত নহ’লেও ৰঞ্জী খেলুৱৈসকলৰ মেচ ফী প্ৰদান কৰিব ব’ৰ্ডে। উল্লেখ্য যে ৰঞ্জীৰ একোখন মেচৰ বাবে একোজন খেলুৱৈয়ে প্ৰতিদিনে ৪৫ হাজাৰকৈ টকা মেচ ফী হিচাপে লাভ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments