Tuesday, July 5, 2022
HomeNewsপ্লে অফৰ আশাত বন্দী কেন উইলিয়ামচন বাহিনী

প্লে অফৰ আশাত বন্দী কেন উইলিয়ামচন বাহিনী

প্লে অফৰ আশাত বন্দী কেন উইলিয়ামচন বাহিনী

অলিম্পিয়া প্ৰতিবেদন: আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ গুৰুত্বপূৰ্ণ জয় । প্লে অফৰ আশাত বন্দী কেন উইলিয়ামচন বাহিনী । উমৰাণ মালিকৰ বলিং ত্রাসত তচনচ মুম্বাই ইণ্ডিয়ানছৰ বেটাৰ ।

মংগলবাৰে আই পি এলৰ মৈদানত এখন হাইভল্টেজ মেচত অৱৰ্তীণ হ’ল ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম মুম্বাই ইণ্ডিয়ানছ । প্ৰথমে বেটিং কৰি কেন উইলিয়ামচন বাহিনীয়ে ৬ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৯৩ ৰাণ । ছানৰাইজাৰ্ছৰ হৈ বেটিঙত উজলিল দুৰ্ধৰ্ষ বেটাৰ ৰাহুল ত্ৰিপাৰ্ঠী ।

আৰু অধিক পঢ়ক

তেওঁ ৪৪ টা বলত ৭৬ ৰাণ সংগ্ৰহেৰে এক সুন্দৰ ইনিংছ উপহাৰ দিলে দলটোক । ত্রিপাৰ্ঠীৰ এই গুৰুত্বপূৰ্ণ ইনিংছটোত আছিল ৯ টাকৈ বাউণ্ডেৰী আৰু ৩ টা অভাৰ বাউণ্ডেৰী । সেইদৰে থমকি নাথাকিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তাৰকা ক্ৰিকেটাৰ প্ৰিয়ম গাৰ্গ ।তেওঁ ২৬ টা বলত কোবালে ৪২ ৰাণ । নিকলাচ প’ৰাণে ২২ বলত ৩৮ ৰাণ কৰিয়েই ক্ষান্ত থাকিল । অধিনায়ক হিচাপে কেন উইলিয়ামচনে ৭ টা বলত ৮ ৰাণ কৰি আউট নোহোৱাকৈ ৰয় ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ৰোহিত শৰ্মাৰ নেতৃত্বৰ মুম্বাই ইণ্ডিয়ানছৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদে বান্ধি দিলে ১৯৪ ৰাণৰ বৃহৎ লক্ষ্য । জয়ৰ লক্ষ্য লৈ ক্ৰীজত নামিয়েই মৰণপণ যুঁজ দিলে ৰোহিত বাহিনীয়ে । মুম্বাইৰ অপেনাৰ হিচাপে খেলপথাৰত অৱতীৰ্ণ হ’ল হিটমেন ৰোহিত আৰু ঈশান কিষাণ । এই যুটিয়ে বহুসময়জুৰি মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীক বেটিঙৰ যাদুৰে আপ্লুত কৰি ৰাখিলে ।

হিটমেনে ৩৬ টা বলত ৪৮ ৰাণৰ বিস্ফোৰক ইনিংছ খেলে । বহু দিনৰ বিৰতিৰ পাছত ৰোহিতক দেখা পোৱা গৈছিল পূৰ্বৰ ছন্দত । ৰোহিতৰ ইনিংছত আছিল ২ টা বাউণ্ডেৰী আৰু ৪ টা অভাৰ বাউণ্ডেৰী । এইবাৰ হাত সাৱতি নাথাকিল ৰোহিতৰ বেটিং পাৰ্টনাৰ ঈশান কিষাণ । ৩৪ টা বলত ৪৩ ৰাণ কৰি ঈশান কিষাণে দলটোক অগ্ৰগতি প্ৰদান কৰে । শেষৰ ফালে টীম ডেভিদৰ বিস্ফোৰক বেটিঙে মুম্বাইক জয়ৰ কাষলৈ লৈ যায় যদিও তেওঁ ১৮ টা বলত ৪৬ ৰাণ কৰি পেভেলিয়নলৈ উভতি যাবলৈ বাধ্য হয় ।

টীম ডেভিদ আউট নোহোৱা পৰ্যন্ত প্ৰয়োজনীয় ৰাণ ৰেট বাঢ়িল মুম্বাইৰ

তথাপি মুম্বাইয়ে পুনৰ জয়ৰ পোহৰ দেখা পাইছিল বলাৰ ৰমনদ্বীপ সিঙৰ বেটিঙত । বেটাৰজনে ১ টা বাউণ্ডেৰী আৰু ১ টা অভাৰ বাউণ্ডেৰীসহ ১৬ টা বলত ১৪ ৰাণৰ সহায়ত লক্ষ্যৰ একেবাৰে কাষ চাপিল মুম্বাই । পিছে তেতিয়ালৈ যে বহু পলম হল মুম্বাইৰ বাবে ।অৱশেষত ৭ টা উইকেট হেৰুৱাই ১৯০ ৰাণতেই ইনিংছ সামৰিলে মুম্বাইয়ে । ফলত ৩ ৰাণত জয়ী হ’ল ছানৰাইজাৰ্ছ হায়দৰাবাদ । ছানৰাইজাৰ্ছৰ হৈ উমৰাণ মালিকেও দেখুৱালে বলিং ত্রাস । তেওঁ মুম্বাই বিৰুদ্ধে দখল কৰিলে ৩ টাকৈ গুৰুত্বপূৰ্ণ উইকেট ।

নিজা ত্রয়োদশ খন মেচত জয়েৰে মুঠ ১২ পইন্ট সংগ্ৰহেৰে তালিকাৰ অষ্টম স্থানত অৱস্থান কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদে । লগে লগে প্লে অফৰ আশাও বাঢ়িছে কেন উইলিয়ামছন বাহিনীৰ ।
ধাৰণা কৰা হৈছে, পৰৱৰ্তী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদ জিকিলে সৰ্বাধিক পইন্ট সংগ্ৰহ কৰিব ১৪ । আনহাতে এই পৰ্য্যন্ত ১৪ পইন্টেৰে তালিকাৰ চতুৰ্থ আৰু পঞ্চম স্থানত থকা আন দল দুটা হৈছে ক্ৰমে দিল্লী কেপিটেলছ আৰু ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ।

ইফালে প্ৰতিটো দলৰ বাবে লীগ মেচ বাকী আছেগৈ মাত্র এখনকৈ । পৰৱৰ্তী প্ৰতিখন মেচ হ’ব গুৰুত্বপূৰ্ণ । গুজৰাট টাইটানছৰ পাছত প্লে অফত কোনটো দল থাকিব বা কোনটো দল নাথাকিব সেয়া অন্তিম ৫ খন মেচত পৰিস্কাৰ হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments