প্ৰণৱ শৰ্মাৰ বিয়োগত অসম ক্ৰিকেট সন্থাৰ শোক প্ৰকাশ

১৩ মে’, গুৱাহাটী : দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বৃহস্পতীবাৰে উজানবজাৰৰ খাৰঘুলীত থকা নিজা বাসভৱনত মৃত্যুক আকোঁৱালি ল’লে প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজ্যিক আম্পায়াৰ প্ৰণৱ শৰ্মাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬২ বছৰ। প্ৰয়াত শৰ্মাই মৃত্যুৰ সময়ত ইহ সংসাৰত এৰি গৈছে পত্নীসহ দুই পুত্ৰক। প্ৰাক্তন ক্ৰিকেটাৰ তথা আম্পায়াৰ প্ৰণৱ শৰ্মাৰ মৃত্যুত অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে শোক প্ৰকাশ কৰিছে আৰু প্ৰয়াত পশৰ্মাৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

নগাঁৱৰ বাসিন্দা প্ৰণৱ শৰ্মা আছিল নগাঁও জিলা ক্ৰিকেটৰ সন্থাৰ এগৰাকী প্ৰাক্তন খেলুৱৈ। তেওঁ ছিনিয়ৰ ইণ্টাৰ-ডিষ্ট্ৰিক্ট ক্ৰিকেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ আছিল এগৰাকী ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট আম্পায়াৰ । আনহাতে শৰ্মা আছিল একেৰাহে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা , বিশিষ্ট সমাজকৰ্মী আৰু অসম ক্ৰিকেট সন্থাৰ আম্পায়াৰ ব’ৰ্ডৰ সদস্য।

এগৰাকী আম্পায়াৰ হিচাপে তেওঁ নুৰদ্দিন আহমেদ ছিনিয়ৰ ইণ্টাৰ-ডিষ্ট্ৰিক্ট ক্ৰিকেট টুৰ্ণামেণ্ট, আৰ জি বৰুৱা (অনুৰ্ধ-১৬) আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট আৰু জে কে বৰুৱা (অনুৰ্ধ-১৯) আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টকে ধৰি কেইবাটাও সন্মানীয় প্ৰতিযোগিতাৰ দায়িত্ব পালন কৰাৰ গৌৰৱ অৰ্জন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *