Tuesday, October 4, 2022
HomeNewsপ্ৰতিকুল বতৰকো নেওচি অসম ভলীবল মিছন-১০০ৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দ্বিতীয় সংস্কৰণৰ খেল...

প্ৰতিকুল বতৰকো নেওচি অসম ভলীবল মিছন-১০০ৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দ্বিতীয় সংস্কৰণৰ খেল সম্পন্ন

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস

ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ সপোনৰ আঁচনি ব্ৰহ্মপুত্ৰ ভলীবল লীগ বৰ্তমান ৰাজ্যখনৰ বিভিন্ন জিলাৰ চুকে কোনে সমাদৃত হৈছে । ভলীবলৰ বহল আৰু সূদৃঢ় ভেটি নিৰ্মাণ কৰাৰ বাবেই বিগত দুই বছৰ ধৰি অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠক, খেল পৰিচালক, শুভকাংশীয়ে যুদ্ধংদেহী প্ৰস্তুতিৰে কাম কৰি থকা পৰিলক্ষিত হৈছে । যাৰ বাবে অসমত নতুন নতুন ক্লাব-সংঘৰ জন্ম হৈ শ শ খেলুলৈয়ে ভলীবল খেলিবলৈ আৰম্ভ কৰি দিছে । এইবলি ব্ৰহ্মপুত্ৰ ভলীবল লীগত অসমৰ বিভিন্ন জিলাৰ ১৬ আৰু ২১ বছৰ অনুৰ্ধৰ (ল’ৰা-ছোৱালী) মুঠ ২০৯ টা দলে অংশগ্ৰহণ কৰে । লীগ পৰ্য্যায়ৰ খেলসমূহ সমাপ্ত হোৱাৰ পিছত ছুপাৰ লীগৰ খেলসমূহ দুলিয়াজানত যোৱা ৩ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ অনুষ্ঠিত হয় । ইয়াত ল’ৰাৰ ১৬ টা আৰু ছোৱালীৰ ১৬ টা মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰে । চুড়ান্ত খেলসমূহ দুলিয়াজান নেহৰু ময়দানত অনুষ্ঠিত হয় । ছুপাৰ লীগৰ খেলসমূহ অ’ল ইণ্ডিয়া লিমিটেডে স্পনচৰশ্বিপ আগবঢ়ায় । ছুপাৰ লীগত ১৬ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত হাজৰিকাপাৰা, দৰং চেম্পিয়ন হোৱাৰ বিপৰীতে ঘিলামাৰা, ধেমাজীয়ে ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰে । শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় হাজৰিকাপাৰা দলৰ চিন্ময়ী কলিতা । ল’ৰাৰ শাখাত চেম্পিয়ন হাতিঙ্গা (শোনিতপুৰ) আৰু ৰানাৰ্চআপ মুল্লাপাৰা (দৰং)। শ্ৰেষ্ঠ খেলুৱৈ হাতিঙ্গাৰ ৰিয়ান বৰা । ২১বছৰ অনুৰ্ধৰ ছোৱালী শাখাত ধেমাজী চেম্পিয়ন আৰু সৰভোগ ৰানাৰ্চআপ । শ্ৰেষ্ঠ খেলুৱৈ ধেমাজিৰ ৰেখা নৰহ। ল’ৰাৰ শাখাত ৰেঙণী (শোনিতপুৰ) চেম্পিয়ন হোৱাৰ বিপৰীতে ভকুৰাদিয়া দলে (চাউথ কামৰূপ) ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰে। শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ৰেঙণীৰ মৃত্যুঞ্জয় মহন্ত । বঁটা বিতৰণী সভাত উপস্থিত থাকে অ এন জি চি এলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড° অলকা মিত্ৰ, সঞ্চালক অনুৰাগ শৰ্মা, চি এছ আৰৰ মখ্য তথা কাৰ্য্যবাহী সঞ্চালক সোমেশ ৰঞ্জন, অইল সঞ্চালক পংকজ কুমাৰ গোস্বামী, আৱাসিক মুখ্য বিষয়া প্ৰশান্ত ফুকন, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা অসম ভলীবল মিছন-১০০ৰ মুখ উদ্যোক্তা অভিজিৎ ভট্টাচাৰ্যৰ লগতে মিছনৰ সভাপতি, সম্পাদক, কোষাধ্যক্ষ প্ৰমুখ্যে বিষয়ববীয়া সকল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments