Wednesday, July 6, 2022
HomeNewsপ্ৰথমখন টি-২০ত দৰ্শকে সৃষ্টি কৰিব অভিলেখ

প্ৰথমখন টি-২০ত দৰ্শকে সৃষ্টি কৰিব অভিলেখ

শেষ হল ক’ভিডৰ ভয়াবহতা! সেয়ে এতিয়া ষ্টেডিয়ামত গৈ হাজাৰ হাজাৰ দৰ্শকে একেলগে উপভোগ কৰিব পাৰে খেল। ভাৰত-ইংলেণ্ডৰ তৃতীয় আৰু চতুৰ্থ টেষ্টত ষ্টেডিয়ামত দৰ্শক আগমণৰ পিছত এইবাৰ টি-২০ ৰ বাবেও দৰ্শকে সংগ্ৰহ কৰিলে টিকট। ৫ খন টি-২০ ৰ ছিৰিজৰ প্ৰথমখন টি-২০ ৰ বাবে টিকট মুকলি কৰাৰ লগে লগে দৰ্শকে টিকট ক্ৰয় কৰিবলৈ ভিৰ কৰিছে।

প্ৰথমখন টি-২০ৰ বাবে অনলাইনৰ উপৰিও মেচখনৰ ভেন্যু নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ লগতে আন দুটা স্থানত মেচখনৰ বাবে অফলাইন টিকট উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছিল। টিকট মুকলি কৰাৰ লগে লগে প্ৰায় ৪০ হাজাৰ দৰ্শকে ইতিমধ্যে টিকট ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে।

টি-২০ খনৰ বাবে কিমান টিকটৰ ব্যৱস্থা কৰিছে সেই বিষয়ে জানিব পৰা নাই যদিও ১,১০,০০০ আসন বিশিষ্ট ষ্টেডিয়ামখনত বৃহত সংখ্যক দৰ্শক যে উপস্থিত থাকিব সেয়া নিশ্চিত হৈছে। গুজৰাট ক্ৰিকেট সন্থাৰ এগৰাকী সদস্যৰ মতে ক’ভিডৰ পিছত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ খনত দৰ্শকৰ উপস্থিতিয়ে অভিলেখ স্থাপন কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments