Monday, July 4, 2022
HomeNewsপ্ৰথমখন টেষ্টত ভাৰত কিয় পৰাস্ত হ'ল?

প্ৰথমখন টেষ্টত ভাৰত কিয় পৰাস্ত হ’ল?

ভাৰত-ইংলেণ্ডৰ প্ৰথমখন টেষ্টত ভাৰত ২২৭ ৰানত পৰাস্ত হৈছে। ভাৰতৰ এই পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিলে কেইবাটাও কাৰণ চকুত পৰে‌।

টছত পৰাজয় : চেন্নাইৰ ষ্টেডিয়ামৰ পিটছত মুঠ ৫ দিন খেল হ’ল। সেইফালৰ পৰা এই পিটছ ভাল পিটছ বুলি ক’ব পাৰি যদিও এই পিটছৰ খেল টছেই নিৰ্ধাৰণ কৰে বুলি এক আভাস পোৱা গ’ল। ইয়াত প্ৰথম দুদিন বেটিং কৰিবলৈ সহজ আছিল। যাৰ সুবিধা ইংলেণ্ডে সুন্দৰকৈ ল’লে। ইংলেণ্ডে প্ৰথম ইনিংছত ১৯০.১ অভাৰ বেটিং কৰিলে।

ভাৰতীয় দলৰ দুৰ্বল বেটিং : ভাৰতৰ জ্যেষ্ঠ আৰু অভিজ্ঞ বেটছমেন ৰোহিত শৰ্মা, পূজাৰা, বিৰাট কোহলি আৰু আজিংক্য ৰাহানেই মিলি গোটেই টেষ্টখনত মাত্ৰ ১৯০ ৰান হে কৰিলে। ইয়াৰ বিপৰীতে ইংলেণ্ডৰ অধিনায়ক জ’ ৰুটে প্ৰথম ইনিংছতে ২১৮ ৰানৰ এটা ইনিংছ খেলিবলৈ সক্ষম হ’ল। দুয়োটা ইনিংছত মিলাই ৰোহিতে ১৮, পূজাৰাই ৮৮, বিৰাটে ৮৩ আৰু ৰাহানেই ১ ৰানহে কৰিলে‌।

টিম নিৰ্বাচনত ভুল : সকলোৱে ভাবিছিল দলত আশ্বিনৰ লগতে লেফ্ট আৰ্ম স্পীনাৰ কুলদীপ যাদৱক স্থান দিয়া হ’ব। কিন্তু কুলদীপক স্থান দিয়া নহ’ল। আশ্বিনে গোটেই টেষ্ট খনত ২০৭ ৰান খৰচ কৰি দখল কৰিলে ৯ টা উইকেট। আনহাতে দলত স্থান লাভ কৰা আন দুজন স্পীনাৰ শ্বাহবাজ আৰু সুন্দৰ দুয়োৱে মিলি ৩৬২ ৰান খৰচ কৰি মাত্ৰ চাৰিটা উইকেট দখল কৰিলে।

গৃহ ভূমিৰ সুযোগ লোৱাত ব্যৰ্থ : ভাৰতে এই টেষ্টখনৰ পূৰ্বে তিনি মাহ সময় অষ্ট্ৰেলিয়াত অতিবাহিত কৰিলে। যাৰ বাবে ভাৰতীয় বেটছমেন সকলৰ প্ৰদৰ্শন বাউঞ্চি উইকেটৰ বিৰুদ্ধে অনুকূল হৈ আছিল। আনহাতে ভাৰত নিজৰ ভূমিত যোৱা এবছৰত এখনো মেচ খেলা নাই। ভাৰতৰ লগতে এছিয়াৰ বিভিন্ন ষ্টেডিয়ামৰ পিটছ শ্ল’ হোৱাৰ বাবে ইংলেণ্ডে ইয়াৰ সুযোগ গ্ৰহণ কৰিলে। কাৰণ ইংলেণ্ডে যোৱা এটা মাহ শ্ৰীলংকাত সময় অতিবাহিত কৰিলে। শ্ৰীলংকাৰ শ্ল’ উইকেটত খেলি নিজকে শ্ল’ উইকেটৰ বাবে উপযোগী কৰি তুলিলে।

ইংলেণ্ডৰ স্পীনাৰক সহজভাৱে ল’লে :ইংলেণ্ড দলৰ Dom Bess আৰু Jack Leach পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ বিপক্ষে আত্মপ্ৰকাশ কৰিছে। ভাৰতীয় বেটছমেনে এই দুজনক আওকাণ কৰি ভুল শ্বপ লবলৈ গৈ পেভিলিয়নমুখি হ’বলগীয়া হ’ল। দুয়োজন স্পীনাৰে টেষ্ট খনত ১১ টা উইকেট দখল কৰিলে।

দুৰ্বল ফিল্ডিং আৰু উইকেট কিপিং : ভাৰতীয় দলটোৰ ফিল্ডিং টেষ্টখনত বহু দুৰ্বল হ’ল। যাৰ বাবে ভাৰতে বহু কেইটা সুযোগ হেৰুৱালে।উইকেট কিপাৰ হিচাপে ঋষভ পণ্টৰো প্ৰদৰ্শন দুৰ্বল হ’ল। যাৰ বাবে ইংলেণ্ডে ৫৫০ ৰানৰ টাৰ্গেট থিয় কৰিবলৈ সক্ষম হ’ল।

ভাগৰ : ভাৰতীয় দলটোৰ পৰাজয়ৰ মূল কাৰণ হিচাপে পৰিগণিত হৈছে ভাগৰ। ক’ভিড-১৯ ৰ কঠোৰ প্ৰ’টকলৰ মাজেৰে আই পি এল শেষ কৰি দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি টেষ্ট, এদিনীয়া আৰু টি-২০ ৰ শৃংখলাত ভাগ লৈ বহু সংগ্ৰাম কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল। অষ্ট্ৰেলিয়াত কঠোৰ ক’ভিড প্ৰ’টকল মানি তিনি মাহ সময় অতিবাহিত কৰি ভাৰতত উপস্থিত হৈ পুনৰ ইংলেণ্ডৰ বিৰুদ্ধে খেল পথাৰত নামিলে। অৱসাদ দূৰ কৰিবলৈ পৰ্যাপ্ত সময় লাভ নকৰিলে। যাৰ বাবে দলটোৰ প্ৰদৰ্শনত ইয়াৰ প্ৰভাৱ পৰিছে বুলি বহুতেই দাবী কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments