Wednesday, July 6, 2022
HomeNewsপ্ৰথমগৰাকী ভাৰতীয় মহিলা অলিম্পিয়ান আছিল নীলিমা ঘোষ

প্ৰথমগৰাকী ভাৰতীয় মহিলা অলিম্পিয়ান আছিল নীলিমা ঘোষ

১৯৫২ চনৰ ফিনলেণ্ডৰ হেলচিংকি অলিম্পিক ভাৰতৰ বাবে আছিল বিশেষ গুৰুত্বপূৰ্ণ। এই অলিম্পিকতেই ভাৰতে মল্লযুদ্ধত লাভ কৰিছিল প্ৰথমটো ব্ৰঞ্জৰ পদক। ভাৰতৰ মল্লযুদ্ধা কে ডি যাদৱে প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক দখল কৰি অলিম্পিকত পদক জয় কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হোৱাৰ লগতে সেইবাৰ ভাৰতীয় হকী দলটোৱেও পঞ্চমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছিল। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দলতে সকলো সচেতন ব্যক্তিৰে মনোযোগ আকৰ্ষণ কৰা হেলচিংকি অলিম্পিক ভাৰতৰ বাবে আন এক কাৰণটো বিশেষ হৈ পৰিছিল।

১৯৫২ চনৰ সেইসময়ছোৱা ৰক্ষণশীল ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ ভূমিকা কেৱল চাৰিবেৰৰ মাজতেই সীমাবদ্ধ হৈ আছিল। সামাজিক, ৰাজনৈতিক আদি বিভিন্ন দিশত তেওঁলোকৰ অংশগ্ৰহণ আছিল অতি পুতৌজনক। আঙুলিৰ মূৰত লেখিব পৰাকৈ কেইগৰাকীমান নাৰীয়ে ঘৰৰ চাৰিবেৰৰ সীমা অতিক্ৰম কৰি ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছিল। এনে এক সময়ত ভাৰতীয় নাৰীয়ে বিশ্ব ক্ৰীড়া জগতত খোজ দিব পাৰিব বুলি হয়তো আজিৰ পুৰুষ-নাৰীয়েও নাভাবিব। কিন্তু ১৯৫২ চনৰ সেই সময়ছোৱাতে ভাৰতীয় নাৰীয়ে খোজ দিছিল অলিম্পিকৰ মঞ্চত। ভাগলৈছিল কেইবাটাও প্ৰতিযোগিতাত।

১৯৫২ চনৰ অলিম্পিকলৈ ভাৰতৰ পৰা ৬০ জনীয়া এটা দলৰ লগত ৪ গৰাকী মহিলা এথলিটো হেলচিংকিলৈ গৈছিল। এই চাৰিগৰাকী মহিলাৰ ভিতৰত ট্ৰেক এণ্ড ফিল্ড এথলিট নীলিমা ঘোষ নামৰ ১৭ বছৰীয়া এগৰাকী কিশোৰীও আছিল। যি অলিম্পিকত ভাগলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল। ১৯৫২ চনৰ অলিম্পিক এইবাবেও বিশেষ আছিল। আনহাতে নীলিমা ঘোষৰ উপৰিও সেই অলিম্পিকলৈ যোৱা আন তিনিগৰাকী মহিলা আছিল মেৰী ডিচুযা চেকিৰা, ডলী নাজিৰ আৰু আৰতি শাহা।

১৯৫২ চনৰ ২১ জুলাইত নীলিমা ঘোষে অলিম্পিকত ভাৰতৰ হৈ ১০০ মিটাৰ স্প্ৰীণ্ট ইভেণ্টত অংশগ্ৰহণ কৰে। ইয়াৰ লগে লগে নীলিমা হৈ পৰে ভাৰতৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা এথলিট। নীলিমাই ১০০ মিটাৰ স্প্ৰীণ্ট ইভেণ্ট সম্পূৰ্ণ কৰিবলৈ ১৩.৮ চেকেণ্ড সময় লয় আৰু পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হোৱাত ব্যৰ্থ হয়। কিন্তু বিশ্ব ক্ৰীড়া ক্ষেত্ৰত ভাৰতীয় নাৰীৰ প্ৰথমটো খোজ হিচাপে সোণালী আখৰেৰ নিজৰ নামটো লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে নীলিমাই ৮০ মিটাৰ হাৰ্ডলছত ভাৰতক প্ৰতিনিধিত্ব কৰে। এই ইভেণ্টত অংশগ্ৰহণ কৰা সকলোতকৈ কম বয়সৰ এথলিট হিচাপে চিহ্নীত হয়। তেওঁ ৮০ মিটাৰ অতিক্ৰম কৰিবলৈ সময় লয় ১৩.০৭ চেকেণ্ড। এই ইভেণ্টত তেওঁ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়।

সেই অলিম্পিকতে আকৌ ১০০ আৰু ২০০ মিটাৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মেৰী ডিচুযা চেকিৰাই। ২০ বছৰীয়া এথলিটগৰাকীয়েও ইভেণ্ট দুয়োটাৰ পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হ’ব পৰা নাছিল যদিও সেই অলিম্পিকৰ অভিজ্ঞতা আহৰণ কৰাৰ পিছত এছিয়াৰ সকলোতকৈ বেগী দৌৰবিদ হিচাপে পৰিগণিত হৈ পৰে। ২০১৩ চনত এইগৰাকী ডিচুযাক ভাৰত চৰকাৰে ধ্যানচান্দ বঁটা প্ৰদান কৰে। আনহাতে আনদুগৰাকী মহিলা এথলিটে গুৰুত্বপূৰ্ণ প্ৰদৰ্শন দাঙি ধৰিব নোৱৰাৰ লগতে পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াতো অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা নগ’ল।

১৯০০ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকৰ পৰাই ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰি আহিছিল যদিও ১৯৫২ চনৰ আগলৈকে কোনো ভাৰতীয় মহিলাই অলিম্পিকত অংশগ্ৰহণ কৰা নাছিল। হেলচিংকি অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ এই মহিলা খেলুৱৈ চাৰিগৰাকীয়ে খোজ দি এক নতুন দিগন্তৰ সূচনা কৰিলে।

১৯৫২ চনৰ অলিম্পিকত ভাৰতীয় মহিলাৰ পদক জয়ৰ সেই প্ৰথমটো প্ৰচেষ্টাই সফলতা নাপালে যদিও সুদীৰ্ঘ ৪৮ বছৰৰ পিছত ভাৰতীয় নাৰীয়ে অলিম্পকত লাভ কৰিলে প্ৰথমটো সফলতা। ২০০০ চনৰ চিডনী অলিম্পিকত ভাৰতৰ মহিলা ভাৰত্তোলক কৰ্ণম মালেশ্বৰী প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে দখল কৰিলে ৰূপৰ পদক। ইয়াৰ পিছত ২০১২ চনত ছাইনা নেহৱাল আৰু বক্সাৰ মেৰী কমে পদক জয় কৰি পুনৰবাৰ ভাৰতীয় মহিলাক গৌৰৱান্বিত কৰিলে। ২০১৬ চনত পিভি সিন্ধু আৰু সাক্ষী মাল্লিকে ২০১২ চনত পদক জয়ৰে ছাইনা আৰু মেৰী কমৰ সেই ধাৰাক অব্যাহত ৰাখিলে । এতিয়া অপেক্ষা টকিঅ’লৈ। ১৯৫২ চনৰ হেলচিংকি অলিম্পিকৰ জড়িয়তে নীলিমা ঘোষে অলিম্পিকৰ মঞ্চত প্ৰথমটো খোজ দি যি ইতিহাস সৃষ্টি কৰিলে সেই ইতিহাসৰ পৃষ্ঠা লুটিয়াই টকিঅ’ অলিম্পিকত কোন কোন ভাৰতীয় নাৰীয়ে ইতিহাস সৃষ্টি কৰিব সেয়া লক্ষণীয় হ’ব। মাত্ৰ এটা অলিম্পিক স্বৰ্ণ পদক দখল কৰিব পাৰিলেই সৃষ্টি হ’ব আন এক ইতিহাস।সকলোৰে এটাই আশা পুৰুষৰ সমানে সমানে ভাৰতীয় নাৰীৰ জড়িয়তেও অলিম্পিকত বাজি উঠক “জন গণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য় বিধাতা…..”।।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments