Thursday, July 7, 2022
HomeNewsপ্ৰথমবাৰলৈ থমাছ কাপ দখল ভাৰতৰ

প্ৰথমবাৰলৈ থমাছ কাপ দখল ভাৰতৰ

প্ৰথমবাৰলৈ থমাছ কাপ দখল ভাৰতৰ

অলিম্পিয়া প্ৰতিবেদন: প্ৰথমবাৰলৈ থমাছ কাপ দখল ভাৰতৰ । ফাইনেলত ইণ্ডোনেছিয়াক ৩-০ ব্যৱধানত পৰাস্ত । অন্তিম মেচত জনাথন ক্ৰিষ্টিক পোনপটীয়া ছেটত পৰাস্ত শ্ৰীকান্তৰ । থমাছ কাপৰ মুকুট দখল কৰা ভাৰত ষষ্ঠ খন ৰাষ্ট্ৰ। প্ৰথমবাৰলৈ থমাছ কাপৰ খিতাপ দখল কৰি পুৰুষ দলে ভাৰতীয় বেডমিণ্টনত এক নতুন যুগৰ সূচনা কৰিলে ।

থাইলেণ্ডৰ ৰাজধানী চহৰ বেংককত দেওবাৰে এই সন্মানজনক দলীয় চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতে ১৪ বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক ৩-০ ব্যৱধানত পৰাস্ত কৰে । টুৰ্ণামেণ্টৰ ৭৩ বছৰীয়া সুদীৰ্ঘ ইতিহাসত ভাৰতে কেতিয়াও থমাছ (পুৰুষ) আৰু উবেৰ (মহিলা) কাপৰ ফাইনেলত উপনীত হোৱা নাছিল । কিন্তু ভাৰতীয় পুৰুষ দলটোৱে এই অভিযানত কোনো পৰিস্থিতিতে হেও নামানি ফাইনেলত বিশ্ব বেডমিণ্টনৰ পাৱাৰ হাউচ ইণ্ডোনেছিয়াৰ অগ্ৰগতি ৰোধ কৰিলে ।

আৰু অধিক পঢ়ক

থমাছ কাপৰ খিতাপ দখল কৰা চীন, ইণ্ডোনেছিয়া , জাপান , ডেনমাৰ্ক আৰু মালয়েচিয়াৰ পাছতেই ভাৰত ষষ্ঠখন দেশত পৰিণত হ’ল । ঐতিহাসিক ফাইনেলখনত লক্ষ্যসেন , ডাবোলছ যুটি সাত্বিকছাইৰাজ ৰাণকিৰেড্ডী – চিৰাগ ছেট্টী আৰু কিদাম্বি শ্ৰীকান্তে ৩-০ ব্যৱধানত জয়লাভ কৰাৰ পাছত ভাৰতে দ্বিতীয়খন ডাবোলছ আৰু তৃতীয়খন ছিংগলছ মেচ খেলিবলগা নহ’ল ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উবেৰ কাপত মহিলা দলটোৱে কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় লোৱাত বেংককত বিগত ৭ দিন ধৰি ভাৰতীয় পুৰুষ দলটোৱে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ায় । এই সন্মানজনক দলীয় চেম্পিয়নশ্বিপত ভাৰতে স্বর্ণপদক লাভ কৰাৰ বিপৰীতে ইণ্ডোনেছিয়াই ৰূপ, ডেমমাৰ্ক আৰু জাপানে ব্ৰঞ্জৰ পদক লাভ কৰে । এই ঐতিহাসিক বিজয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলটোক অভিনন্দন জনোৱাৰ লগতে দলৰ প্ৰতিগৰাকী সদস্যৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি প্ৰতিগৰাকী খেলুৱৈ আৰু ছাপোৰ্ট ষ্টাফৰ বৰঙণিৰ শলাগ লয় । ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ভাৰতীয় দলৰ এই সাফল্যক ঐতিহাসিক বুলি বৰ্ণনা কৰে ।

লক্ষ্যণীয়ভাবে প্ৰথমখন ছিংগলছত ভাৰতৰ ২০ বছৰীয়া যুৱ শ্বাটলাৰ লক্ষ্য সেনে জিনটিঙৰ বিৰুদ্ধে প্রথমটো গেমত ৮-২১ ব্যৱধানত পৰাস্ত হৈছিল যদিও শীঘ্ৰে প্ৰত্যাৱৰ্তন কৰি দ্বিতীয় আৰু তৃতীয়টো গেম ক্ৰমে ২১-১৭ , ২১-১৬ ব্যৱধানত সম্পূৰ্ণ কৰে । একেদৰে ৰাণকিৰেড্ডী আৰু চিৰাগ ছেট্টী যুটিয়ে ডাবলছৰ প্ৰথমটো গেমত বিশ্বৰ শীৰ্ষস্থানীয় ডাবোলছ তাৰকা কেভিন চাংজায়া আৰু মহম্মদ এহছান যুটিৰ বিৰুদ্ধে প্ৰথমটো গেমত ১৮-২১ ত পৰাস্ত হয় যদিও দ্বিতীয় আৰু তৃতীয়টো গেমত ভাৰতীয় শ্বাটলাৰৰ দূৰ্দান্ত শক্তি প্ৰদৰ্শন কৰে ।

কিন্তু দ্বিতীয় ছিংগলছত শ্ৰীকান্তে জনাথন ক্ৰিষ্টিক কোনো সুযোগ নিদি ২১-১৫ , ২৩- ২১ ব্যৱধানত বিজয়ী হয় । এই বিজয়ৰ বাবে কেন্দ্ৰীয় ক্রীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে ভাৰতীয় থমাছ কাপ বিজয়ী দলটোৰ বাবে ১ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে ।ক্ৰীড়া অনুৰাগীৰ আশা – বেডমিন্টনত ভাৰতৰ এই বিজয় ধাৰা অব্যাহত থাকক, বিশ্ব দৰবাৰত দপদপাই থাকক ভাৰতৰ শ্বাটলাৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments