বিশ্ব ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকৰ লগত জড়িত হৈ আছে অনেক কাহিনী। আজি আপোনালোকলৈ লৈ আহিছোঁ এক বিশেষ কাহিনী। এই কাহিনীৰ নায়িকা এগৰাকী অষ্ট্ৰেলিয়ান মহিলা এথলিট। যিয়ে প্ৰথমে অধ্যাপনা কৰি সৈনিকক শিক্ষা দান কৰাৰ পিছত ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ পৰি অলিম্পিকত সৃষ্টি কৰিলে ইতিহাস। ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা এনে সফলতাৰ পিছত ৰাজনীতিৰ লগত জড়িত হৈ আকৌ হেৰুৱালে অলিম্পিকত লাভ কৰা আটাইকেইটা পদক।
অষ্ট্ৰেলিয়াৰ যিসকল অলিম্পিয়ানক মহান খেলুৱৈৰ তালিকাত স্থান দিয়া হৈছে সেইসকলৰ ভিতৰত ছাৰ্লে ষ্ট্ৰীকলেণ্ড হৈছে অন্যতম। দেশখনৰ এইগৰাকী মহিলা এথলিটে দেশখনৰ হৈ অলিম্পিকত সৰ্বাধিক পদক জয়ৰ ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। যি ৰেকৰ্ড আজিও আছে অক্ষত অৱস্থাত।
ছাৰ্লে যিদৰে ক্ৰীড়া ক্ষেত্ৰত আগৰণুৱা ঠিক একেদৰে শিক্ষাৰ ক্ষেত্ৰতো আছিল প্ৰচুৰ মেধা সম্পন্ন। তেওঁ ফিজিক্সত নিজৰ গ্ৰেজুৱেচন সম্পূৰ্ণ কৰি পাৰ্থ টেকনিকেল কলেজত সৈনিকক শিক্ষা প্ৰদান কৰাৰ কামত মনোনিবেশ কৰিছিল। ইয়াৰ পৰাই তেওঁ আকৌ নতুনকৈ আৰম্ভ কৰিছিল ক্ৰীড়া ক্ষেত্ৰত এক অপ্ৰতিৰোধ্য যাত্ৰা। কলেজখনলৈ অহাৰ পিছতেই ছাৰ্লেয়ে ক্ৰীড়াৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ পিতৃ যিহেতু এজন খেলুৱৈ আছিল গতিকে সেই সূত্ৰেই ছাৰ্লেৰ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি আছিল এক অনুৰাগ। তেওঁৰ পিতৃয়ে অষ্ট্ৰেলিয়াৰ এক গ’ল্ডফিল্ডত কাম কৰাৰ উপৰিও এগৰাকী এথলিট হিচাপে নিজকে প্ৰস্তুত কৰি তুলিছিল। ১৯০০ চনৰ পেৰিছ অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল যদিও ছাৰ্লেৰ পিতৃয়ে অৰ্থৰ অভাৱত অলিম্পিকত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছিল। কোৱা হয় সেইবাৰ অলিম্পিকত যিসকল এথলিটে অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছিল সেই সকলৰ ভিতৰত ছাৰ্লেৰ পিতৃয়েই আছিল সবাতোকৈ শ্ৰেষ্ঠ এথলিট। গতিকে এনে এজন ব্যক্তিৰ সন্তান হিচাপে ছাৰ্লেৰো আছিল ক্ৰীড়াৰ প্ৰতি এক বিশেষ টান।
সেয়া যিয়েই নহওঁক ছাৰ্লেয়ে পাৰ্থ কলেজত এথলেটিকছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াত ১৯৪৭ চনত অনুষ্ঠিত হোৱা ১০০গজ, ৪৪০ গজ, ৯০ গজ হাৰ্ডলছ আৰু শ্বটপুটত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছৰ বছৰ ১৯৪৮ চনত ছাৰ্লেয়ে লণ্ডন অলিম্পিকত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। সেইবাৰ অলিম্পিকত তেওঁ পিতৃৰ স্বপ্ন পূৰণ কৰি লাভ কৰে চাৰিটা পদক। ছাৰ্লেয়ে লণ্ডন অলিম্পিকত এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল। সেয়া আছিল ছাৰ্লেৰ কেৰিয়াৰৰ প্ৰথমখন অলিম্পিকৰ সফলতা।
ইয়াৰ পিছত হেলছিংকি অলিম্পিকত আকৌ অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিলে ছাৰ্লেয়ে। সেইবাৰ তেওঁ দুটা স্বৰ্ণ পদক আৰু এটা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হ’ল। সেইবাৰ তেওঁ ৮০ মিটাৰ হাৰ্ডলছত আৰু ৪×১০০ মিটাৰ ৰিলেত লাভ কৰে স্বৰ্ণ পদক। আনহাতে ১০০ মিটাৰত লাভ কৰে ব্ৰঞ্জৰ পদক।
এইদৰে তেওঁ প্ৰথমে অধ্যাপনা তাৰ পিছত ক্ৰীড়াংগনত প্ৰৱেশ কৰি হৈ পৰিল অষ্ট্ৰেলিয়াৰ আটাইতকৈ সফল মহিলা অলিম্পিয়ান। কিন্তু দুৰ্ভাগ্যজনক ভাৱে তেওঁ হেৰুৱাব লগীয়া হ’ল তেওঁৰ আটাইকেইটা অলিম্পিক পদক। অলিম্পিকৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছত ১৯৭৬ চনৰ অলিম্পিকৰ সময়ছোৱাত আকৌ তেওঁ খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰাৰ কামত নিয়োগ হয়। আনহাতে ১৯৭১ চনৰ পৰা ছাৰ্লে জড়িত হৈ পৰে অষ্ট্ৰেলিয়াৰ ৰাজনীতিৰ সৈতে। ১৯৭১ চনত পোন প্ৰথমবাৰৰ বাবে ৰাজনীতিৰ ভোট যুদ্ধত জড়িত হৈ পৰাৰ পিছত ১৯৮৩ চনৰ পৰা ১৯৯৬ চনৰ এই সময়ছোৱাত তেওঁ মুঠ পাঁচবাৰ নিৰ্দলীয় হিচাপে নিৰ্বাচনত অংশগ্ৰহণ কৰে। এনে এগৰাকী প্ৰভাৱশালী এথলিটে ২০০১ চনত নিজৰ কেৰিয়াৰত অৰ্জন কৰা সকলো কেইটা অলিম্পিক পদক নিলামৰ জড়িয়তে বিক্ৰী কৰি দিবলগীয়া হয়। ইয়াৰ লগে লগে সৰ্বত্ৰে ছাৰ্লে সমালোচনাৰ সন্মুখীন হয়। ইয়াৰ পিছতেই ছাৰ্লেয়ে সংবাদ মাধ্যমৰ আগত নিজৰ স্পষ্টীকৰণ দাঙি ধৰে। তেওঁ নিজৰ নাতি-নাতনীৰ পঢ়াৰ খৰচ উলিয়াবলৈকে এইদৰে অলিম্পিক পদক বিক্ৰী কৰিবলগীয়া হ’ল বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিলে।
এইদৰেই প্ৰথমে অধ্যাপনা তাৰ পিছত ক্ৰীড়া আৰু শেষত ৰাজনীতিৰ লগত জড়িত হৈ ছাৰ্লে ষ্ট্ৰীকলেণ্ড নিজৰ জীৱনত সফলতা, জনপ্ৰিয়তা, সমালোচনা সকলো অৰ্জন কৰিলে। এগৰাকী অধ্যাপিকা অথবা এগৰাকী ৰাজনৈতিক নেতৃ হিচাপে হয়তো ছাৰ্লেক আজিও কোনেও চিনি নাপায় কিন্তু অষ্ট্ৰেলিয়াৰ সৰ্বাধিক অলিম্পিক পদক বিজয়ী মহিলা এথলিট হিচাপে আজিও সৰ্বত্ৰে পৰিচিত ছাৰ্লে ষ্ট্ৰীকলেণ্ড।