Sunday, October 2, 2022
HomeNewsপ্ৰথম আন্তঃকাৰ্যালয় ক্ৰিকেট টুৰ্ণামেণ্টত চি এ জি দল চেম্পিয়ন

প্ৰথম আন্তঃকাৰ্যালয় ক্ৰিকেট টুৰ্ণামেণ্টত চি এ জি দল চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন,

প্ৰথম এ চি এ আন্তঃকাৰ্যালয় ক্ৰিকেট টুৰ্ণামেণ্টত চি এ জি দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে । বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত দেওবাৰৰ ফাইনেলত চি এ জি দলে বৰ্ষা বিঘ্নিত মেচত এন এফ ৰেলৱে দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ী হয় । চি এ জি দলে ১৭.১ অভাৰত ৭ উইকেটত ১৩৫ ৰাণ কৰোতেই বৰষুণৰ বাবে মেচখন পৰিত্যক্ত হয় । চেম্পিয়ন দল হিচাপে চি এ জি দলে ৫ লাখ, ফাইনেলিষ্ট ৰেলৱে দলে ২.৫ লাখ, ছেমি ফাইনেলিষ্ট অ’এন জি চি আৰু পোষ্টেল দলে ১.৫ লাখকৈ টকা লাভ কৰে । চি এ জিৰ সুবোধ ভাটিয়ে শ্ৰেষ্ঠ বলাৰ, ৰেলৱেৰ মৃগেন তালুকদাৰে শ্ৰেষ্ঠ ফিল্ডাৰ আৰু স্বৰূপম পুৰকায়স্থই শ্ৰেষ্ঠ বেটাৰ হিচাপে ৫০ হেজাৰকৈ টকা লাভ কৰে । টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে ৰিজাৰ্ভ বেংকৰ সুমিতে লাভ কৰে ১লাখ টকা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments