প্ৰথম কনকলতা বৰুৱা আন্তঃ মণ্ডল ৰাজ্যিক মহিলা ক্ৰিকেট চেম্পিয়নশ্বিপৰ আজি দুখন অনুষ্ঠিত হয়।
ইয়াৰে প্ৰথমখন মেচ উত্তৰ অসম আৰু উজনি অসমৰ মণ্ডলৰ মাজত অনুষ্ঠিত হয়। মেচখনত উজনি অসম মণ্ডলে টছত জয়লাভ কৰে আৰু প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উত্তৰ অসম মণ্ডলে প্ৰথমে বেটিং কৰি ৰুহিনা পেগুৰ ৫৪, জিতিমণি কলিতাৰ ৩৮, মাইনা নৰহৰ ২৯ ৰানৰ সহায়ত ৫০ অভাৰত ৬ উইকেট হেৰাই ১৯৮ ৰান কৰিবলৈ সক্ষম হয়। এই লক্ষ্য আগত লৈ উজনি অসম মণ্ডলে খেল পথাৰত নামি ৩৯.২ অভাৰত ৯৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই। উজনি অসমৰ হৈ প্ৰিয়ংকা বৰুৱাই সৰ্বাধিক ১৯ ৰান কৰিবলৈ সক্ষম হয়। মেচখনত উত্তৰ অসম মণ্ডলে ১০০ ৰানৰ ব্যৱধানত জয়লাভ কৰে।
আনহাতে দ্বিতীয়খন মেচ অনুষ্ঠিত হয় নামনি অসম আৰু মধ্য অসম মণ্ডলৰ মাজত। মেচখনত নামনি অসমে টছত জয়লাভ কৰি প্ৰথমে বেট ধৰি ৪৩.১ অভাৰত ১৫৯ ৰান কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ জ্যোতি দেৱীয়ে ৪২, শিৱানী বিষ্ণই ৩৪ ৰান কৰিবলৈ সক্ষম হয়।
মধ্য অসম মণ্ডলৰ হৈ পৰিস্মীতা বৰুৱাই ২৭ ৰানৰ বিনিময়ত ৫ উইকেট দখল কৰে।
ইয়াৰ পিছত মধ্য অসম মণ্ডলে ১৬০ ৰানৰ লক্ষ্য আগতলৈ ৩৬.১ অভাৰতে অতিক্ৰম কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ ৰশ্মি দে’ই সৰ্বাধিক ৪৫, হীৰামণি শইকীয়াই ৩৪ ৰান কৰিবলৈ সক্ষম হয়। মেচখনত মধ্য অসম মণ্ডলে ৪ উইকেটত বিজয় সাব্যস্ত কৰে।