Tuesday, July 5, 2022
HomeNewsপ্ৰথম টি-২০ মেচতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মুখ থেকেচা টিম ইণ্ডিয়াৰ

প্ৰথম টি-২০ মেচতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মুখ থেকেচা টিম ইণ্ডিয়াৰ

অলিম্পিয়া প্ৰতিবেদন

ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত আৰম্ভণি সুখকৰ নহ’ল ঘৰুৱা দল টিম ইণ্ডিয়াৰ ৷ নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত বৃহস্পতিবাৰে ৭ উইকেটত পৰাস্ত হ’ল ঋষভ পণ্ট নেতৃত্বাধীন ভাৰতীয় দল ৷ প্ৰথমে মেচখন ভাৰতীয় দলৰ সপক্ষে আছিল যদিও ডেভিদ মিলাৰ আৰু ৰাছি ভান ডেৰ ডুছেনৰ দমনীয় প্ৰদৰ্শনৰ বাবে ৫ টা বল বাকী থকা অৱস্থাত ভ্ৰমণকাৰী দলটো বিজয়ী হয় ৷ জয়ৰ বাবে ২১২ ৰাণৰ লক্ষ্যৰে খেলা দলটোৰ হৈ মিলাৰ-ডুছেন যুটীয়ে অপৰাজিত ১৩১ ৰাণ কৰি এই বিজয়ত মুখ্য ভুমিকা গ্ৰহণ কৰে ৷ মাত্ৰ ৩১ টা বলত অপৰাজিত ৬৪ ৰাণ কৰি ডেভিদ মিলাৰে লাভ কৰে মেন অৱ দ্য মেচৰ সন্মান ৷ আই পি এলৰ চেম্পিয়ন দল গুজৰাট টাইটানছৰ হৈ বিগত দুমাহ ধৰি খেলা মিলাৰে তেওঁৰ অভিজ্ঞতাৰ ভিত্তিত মেচ উইনাৰৰ ভুমিকা পালন কৰে ৷ ঋষভ পণ্ট বাহিনীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২১ৰ ৰাণ ৷ অৰুণ জেটলি ষ্টেডিয়ামৰ জনাকীৰ্ণ দৰ্শকে ঘৰুৱা দলটোৰ জয়ৰ বাবে এইখিনি ৰাণ যথেষ্ট বুলি আশ্বস্ত হয় ৷ ভাৰতীয় দলৰ হৈ অপেনাৰ ঈষাণ কিষাণে ৪৮ টা বলত ৩ টা ছয় আৰু ১১ টা চাৰিৰ সহায়ত কৰে ৭৬ ৰাণ ৷ তেওঁৰ উপৰি শ্ৰেয়াছ আয়াৰে ২৭ টা বলত ৩৬, হাৰ্দিক পাণ্ডিয়াই ১২ টা বলত অপৰাজিত ৩১, অধিনায়ক ঋষভ পণ্টে ১৬ টা বলত ২৯ আৰু আনগৰাকী অপেনাৰ ঋতুৰাজ গাইকোৱাড়ে ১৫ বলত ২৩ ৰাণ সংগ্ৰহ কৰে ৷ আনগৰাকী অপৰাজিত বেটাৰ দীনেশ কাৰ্তিকে ২ টা বলত কৰে ১ ৰাণ ৷ বলিঙত দক্ষিণ আফ্ৰিকাৰ হৈ এটাকৈ উইকেট দখল কৰে কেশৱ মহাৰাজ, এনৰিচ নৰ্জে, ৱেনে পাৰ্নেল আৰু ডুইনে প্ৰিটৰিয়াছে ৷ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ১৯.১ অভাৰত মাত্ৰ ৩ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ৷ অপেনাৰ কুইণ্টন ডি ককে ২২, টেম্বা বাভুমাই ১০ আৰু প্ৰিটৰিয়াছে ২৯ ৰাণ কৰে ৷ সেইখিনি সময়লৈকে ঋষভ পণ্ট নেতৃত্বাধীন ভাৰতীয় দলে জয়ৰ কাষ চপা বুলি উপস্থিত দৰ্শক আৰু টেলিভিছন পৰ্দাৰ সন্মুখত বহি খেল উপভোগ কৰাসকল পতিয়ন গৈছিল যদিও ইয়াৰ পাছত মেচখন সম্পূৰ্ণ সলনি হয় । কাৰণ সেই সময়তে বেট ধৰিবলৈ আহে ডেভিদ মিলাৰ আৰু ৰাছি ভান ডেৰ ডুছেন ৷ দুয়োৱে ভাৰতীয় বলাৰক নিৰ্দয় প্ৰহাৰ কৰি অবিশ্বাস্য গতিৰে মেচখন নিজৰ হাতলৈ নিয়ে ৷ ডুছেনে ৪৬ টা বলত ৭৫ ৰাণ কৰে ৷ তেওঁৰ এই ইনিংছটোত আছিল ৫ টা ছয় আৰু ৭ টা চাৰি ৷ একেদৰে মিলাৰে ৩১ টা বলত ৫ টা ছয় আৰু ৪ টা চাৰিৰ সহায়ত ৬৪ ৰাণেৰে নিজৰ ইনিংছটো সজায় ৷ ভাৰতীয় দলৰ হৈ ৬ গৰাকী বলাৰৰ ভিতৰত এটাকৈ উইকেট লাভ কৰে ভূৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল আৰু অক্ষৰ পেটেলে ৷ কোনো ইউকেট লাভ নকৰিলে আবেশ খান, যুবেন্দ্ৰ চাহাল আৰু হাৰ্দিক পাণ্ডিয়াই ৷ চাৰিটাকৈ অভাৰত হৰ্ষল পেটেলে ৪৩, অক্ষৰ পেটেলে ৪০ আৰু আবেশ খানে ৩৫ ৰাণ ব্যয় কৰিব লগা হয় ৷ এই জয়েৰে পাঁচখন মেচৰ টি-২০ শৃংখলাত দক্ষিণ আফ্ৰিকাই ১-০ ৰ অগ্ৰগতি লাভ কৰে ৷ দুয়ো দলৰ মাজৰ পৰৱৰ্তী মেচ অহা ১২ জুন, দেওবাৰে কটকৰ বাৰাবাতী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ মেচৰ সময় সন্ধিয়া ৭ বজাৰ পৰা ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments