Monday, July 4, 2022
HomeNewsপ্ৰথম বাৰৰ বাবে ফিফা বিশ্বকাপত থাকিব মহিলা ৰেফাৰী

প্ৰথম বাৰৰ বাবে ফিফা বিশ্বকাপত থাকিব মহিলা ৰেফাৰী

অলিম্পিয়া প্ৰতিবেদন

মাজত মাত্ৰ কেইটামান মাহ । আকৌ ফুটবলৰ জ্বৰত আক্ৰান্ত হ’ব বিশ্ববাসী । কোৰোণা মহামাৰীৰ কৰাল গ্ৰাসৰ পৰা বহুখিনি উপশম পোৱা বিশ্ববাসীক পুনৰ পদশিল্পৰ যাদুৰে মোহাছন্ন কৰিবলৈ সাজু হৈছে ফুটবল তাৰকাসকল ।

প্ৰথমবাৰৰ বাবে নৱেম্বৰ-ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে ফিফা বিশ্বকাপ ফুটবল । অহা নৱেম্বৰ মাহৰ ২১ তাৰিখৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ফিফাৰ বিশ্ব প্ৰতিযোগিতাখন । যিদৰে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সময় সলনি কৰা হৈছে ঠিক একেদৰে পুৰুষ ৰেফাৰীৰ সমানে এইবাৰ দেখা যাব মহিলা ৰেফাৰীকো ।

হয়, প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলত থাকিব মহিলা ৰেফাৰী। ইতিমধ্যে ক্লাব আৰু অন্যান্য টুৰ্ণামেণ্টত মহিলা ৰেফাৰীয়ে পুৰুষৰ মেচ পৰিচালনা কৰিছে যদিও বিশ্বকাপত মহিলা ৰেফাৰীক পুৰুষৰ মেচত দেখিবলৈ পোৱা নগৈছিল । এইবাৰ বিশ্বকাপত হ’ব তাৰ ব্যতিক্ৰম । পুৰুষৰ মেচ পৰচালনা কৰিব মহিলাই ।

ফিফাই বৃহস্পতিবাৰে বিশ্বকাপৰ মেচ পৰিচালনা কৰিবলৈ মুঠ ৩৬ গৰাকী ৰেফাৰীৰ নাম ঘোষণা কৰিছে । যাৰ ভিতৰত আছে ৩ গৰাকী মহিলা ৰেফাৰী আৰু তিনিগৰাকী সহকাৰী মহিলা ৰেফাৰী ।

পুৰুষৰ সমানে মেচ পৰিচালনা কৰাৰ সুযোগ লাভ কৰা এই মহিলা ৰেফাৰী তিনিগৰাকী ফ্ৰাঞ্চৰ ষ্টিফেনি ফ্ৰেপাৰ্ট, ৰাৱাণ্ডাৰ চেলিমা মুকানচাংগা আৰু জাপানৰ ইয়োশিমি য়ামাশিতাও ।

তিনিওগৰাকী মহিলা ৰেফাৰীৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নামটো হ’ল ফ্ৰাঞ্চৰ ষ্টিফেনি ফ্ৰেপাৰ্ট । এইগৰাকী মহিলা ৰেফাৰীয়ে চেম্পিয়নছ লীগত ৰেফাৰী হিচাপে ৰেকৰ্ড সৃষ্টি কৰিছিল । চেম্পিয়নছ লীগৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ৰেফাৰী আছিল ষ্টিফেনি ফ্ৰেপাৰ্ট ।

আনহাতে এই তিনিগৰাকী মহিলা ৰেফাৰীৰ লগতে সহকাৰী ৰেফাৰী হিচাপে থাকিব আন তিনিগৰাকী মহিলা । তেওঁলোক ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেথেৰিন নেচবিট, মেক্সিকোৰ ডেজ মেডিনা আৰু ব্ৰাজিলৰ নিউজা বেক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments