Tuesday, October 4, 2022
HomeNewsপ্ৰথম ৱাক অসম কিক বক্সিং প্ৰতিযোগিতাত বৃহৎ সফলতা

প্ৰথম ৱাক অসম কিক বক্সিং প্ৰতিযোগিতাত বৃহৎ সফলতা

https://olympiasports.in/

প্ৰথম ৱাক অসম কিক বক্সিং প্ৰতিযোগিতাত নলবাৰীৰ এমেচাৰ কিক বক্সিং এছ’চিয়েচন দলে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

তিনিচুকীয়া জিলাত পোন প্ৰথমবাৰৰ বাবে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল প্ৰথম ৱাক অসম কিক বক্সিং প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত নলবাৰী জিলাৰ এমেচাৰ কিক বক্সিং এছ’চিয়চনৰ দলে অংশগ্ৰহণ কৰি ৬ টা সোণ, ১০ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকৰ সহায়ত মুঠ ২৩ টা পদক দখল কৰিবলৈ সক্ষম হৈছে।

নলবাৰী এমেচাৰ কিক বক্সিং এছ’চিয়েচনৰ হৈ দিপামণি কলিতা, ছাহিল কুমাৰ ঠাকুৰ, ৰক্তিম কাশ্যপ, ৰিহান জাফ্ৰি, সোণেশ্বৰ দাস, মৃণাল বৈশ্য‌ই সোণৰ পদক লাভ কৰিছে।

ৰূপৰ পদক লাভ কৰিছে পলাশ ডেকা, চাণক্য ডেকা, হিমোব প্ৰতীম কলিতা, ৰাজশ্ৰী লহকৰ, হৃত্বিক লহকৰ, প্ৰণৱজ্যোতি লহকৰ, দ্বীপজ্যোতি ডেকা, জিনিম বাৰ্বী, বাস্তৱ দাস আৰু মনদ্বীপ ডেকাই।

আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰিছে নিবিড় নিজান শৰ্মা, বিশাল কলিতা, ধ্ৰুৱজ্যোতি দাস, উদীপ্ত মোহন কলিতা, নিলাংশু কলিতা, ৰাহুল দাস আৰু মৈত্ৰেয়ী ভৰদ্বাজে।

ফটো : প্ৰতিনিধিত্বমূলক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments