Tuesday, October 4, 2022
HomeNewsপ্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লটিফৰ বিয়োগ: বিভিন্ন দল সংগঠনৰ সমবেদনা

প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লটিফৰ বিয়োগ: বিভিন্ন দল সংগঠনৰ সমবেদনা

অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লটিফ আৰু নাই। যোৱা নিশা নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট ফুটবলাৰ গৰাকীৰ। ১৯৭০ চনৰ এছিয়ান গেমছৰ স্বৰ্ণজয়ী ভাৰতীয় দলৰ এগৰাকী অন্যতম সদস্য আব্দুল লটিফে তেওঁৰ জীৱনকালত তিনি খনকৈ ৰাজ্যৰ হৈ সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰিছিল।

এসময়ৰ কীৰ্তিমান এইগৰাকী সুদক্ষ ফুটবলাৰৰ বিয়োগত ম্ৰিয়মান হৈ পৰিছে অসমৰ ক্ৰীড়াক্ষেত্ৰ। লটিফৰ বিয়োগত ৰাজ্যৰ বিভিন্ন দল সংগঠনে সমবেদনা জ্ঞাপন কৰিছে। গুৱাহাটী ক্ৰীড়া সন্থাই লটিফৰ বিয়োগত সমবেদনা জ্ঞাপন কৰি ফুটবলাৰগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে। প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰগৰাকীৰ বিয়োগত অসম চেপাক টাক্ৰ সন্থাৰ সভাপতি বিষ্ণুৰাম নুনিচাই গভীৰ শোক প্ৰকাশ কৰে। অসম ক্ৰীড়া সাংবাদিক সন্থায়ো লটিফৰ বিয়োগত শোক প্ৰকাশ কৰি কয় যে ১৯৭০ চনৰ এছিয়ান গেমছৰ স্বৰ্ণজয়ী ভাৰতীয় দলৰ সদস্যগৰাকীৰ বিয়োগে অসমৰ ক্ৰীড়াক্ষেত্ৰত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে।

ইয়াৰ লগতে শংখ প্ৰেছ এমপ্ল’য়িজ ইউনিয়নয়েও আব্দুল লটিফৰ বিয়োগত মহান ফুটবলাৰগৰাকীৰ অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ থকা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে। আব্দুল লটিফৰ বিয়োগত অসম বক্সিং সংস্থা, অসম বেডমিণ্টন সংস্থা আদিয়েও গভীৰ শোক প্ৰকাশ কৰে। তাৰোপৰি ক্ৰীড়া আলোচনী অলিম্পিয়াৰ পৰিয়ালৰ তৰফৰ পৰা ফুটবলাৰগৰাকীৰ পৰিয়াললৈ মুখ্য সম্পাদক ৰাজীৱ প্ৰকাশ বৰুৱাই সমবেদনা জ্ঞাপন কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments