প্ৰাক্তন ক্ৰীড়া বিষয়া, ক্ৰীড়া সংগঠক শিৱ শংকৰ ৰয়ৰ মৃত্যুত অসম খো-খো সন্থাৰ শোক প্ৰকাশ

প্ৰাক্তন জিলা ক্ৰীড়া বিষয়া শিৱ শংকৰ ৰয়ৰ আকস্মিক মৃত্যুত অসম খো-খো সন্থাই শোক প্ৰকাশ কৰিছে। সন্থাৰ সম্পাদক আফতাব হুছেইনে প্ৰেৰণ কৰা এক শোক প্ৰস্তাৱত উল্লেখ কৰিছে যে, প্ৰাক্তন জিলা ক্ৰীড়া বিষয়া, ক্ৰীড়া সংগঠক তথা অসম খো-খো সন্থাৰ কোষাধ্যক্ষ শিৱ শংকৰ ৰয়ৰ আজি পুৱা আকস্মিক মৃত্যুত অসম খো-খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত শোক সভাত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *