Friday, September 30, 2022
HomeNewsপ্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা মন্ত্ৰী চেতন চৌহানৰ বিয়োগ

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা মন্ত্ৰী চেতন চৌহানৰ বিয়োগ

অলিম্পিয়াৰ প্ৰতিবেদন

প্ৰাক্তন ক্ৰিকেটাৰ তথা উত্তৰ প্ৰদেশৰ মন্ত্ৰী চেতন চৌহানৰ বিয়োগ। পূৰ্বৰ ভাৰতীয় ক্ৰিকেটাৰ গৰাকী জুলাইৰ প্ৰথমভাগত কৰ’না পজিটিভ ৰূপে পৰিগণিত হৈছিল। ইয়াৰ পিছতে ক্ৰিকেটাৰগৰাকীক হাস্পতালত ভৰ্ত্তি কৰোৱা হয় যদিও তেওঁৰ অৱস্থা অধিক অৱনতি ঘটে বুলি কালি খবৰ প্ৰকাশ পাইছিল। লক্ষ্ণৌৰ সঞ্জয় গান্ধী হাস্পতালত চিকিৎসাধীন হৈ থকা চেতন চৌহানক কালি ভেণ্টিলেটৰত ৰখা হৈছিল যদিও আজি তেওঁৰ মৃত্যু হয়। কৰ’নাত আক্ৰান্ত হোৱাৰ উপৰিও তেওঁৰ কিডনীৰ সমস্যা আছিল। কৰ’নাত আক্ৰান্ত হোৱাৰ পিছতে তেওঁৰ কিডনী আৰু ব্লাড প্ৰেছাৰৰ লগত সম্বন্ধীয় সমস্যাই গুৰুত্বৰ ৰূপ ধাৰণ কৰিছিল।

৭৩বছৰ বয়সত মৃত্যু হোৱা চেতন চৌহানে ভাৰতৰ হৈ ৪০ খন টেষ্টত আৰু ৭ খন এদিনীয়াত অংশগ্ৰহণ কৰিছিল। নিজৰ টেষ্ট কেৰিয়াৰত চৌহানে ২০৮৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু ৭ খন এদিনীয়াত ১৫৩ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। আনহাতে প্ৰথম শ্ৰেণীৰ ঘৰুৱা ক্ৰিকেটত চেতন চৌহানে ১৭৯ খন মেচত অংশগ্ৰহণ কৰি ১১হাজাৰতকৈ অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ক্ৰিকেটৰ জৰিয়তে দেশলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল।

বৰ্তমান উত্তৰ প্ৰদেশৰ বিজেপি দলৰ বিধায়ক তথা মন্ত্ৰী চেতন চৌহানে বিগত বৰ্ষত উত্তৰ প্ৰদেশৰ ক্ৰীড়া বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও ১৯৯১ আৰু ১৯৯৮চনত বিজেপি দলৰ হৈয়েই তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। চৌহানে ক্ৰীড়া ভাৰতীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ‌ ৰূপেও দায়িত্ব পালন কৰি আছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments