অলিম্পিয়াৰ প্ৰতিবেদন
প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ মাধৱ তালুকদাৰৰ আকস্মিক বিয়োগত অসম ক্ৰিকেট সন্থাই শোক প্ৰকাশ কৰিছে।
অসমৰ প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ মাধৱ তালুকদাৰে আজি দিনৰ ১২:৩০ বজাত গুৱাহাটীৰ উজান বজাৰস্থিত নিজা বাসগৃহত মৃত্যুক সাৱটি লয়। তালুকদাৰৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই এক প্ৰেছ বিজ্ঞপতিৰ জড়িয়তে প্ৰাক্তন ক্ৰিকেটাৰজনে এইদৰে আকস্মিক মৃত্যুক সাৱটি লোৱাত আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে শোক প্ৰকাশ কৰিছে।
প্ৰেছ বিজ্ঞপতিটোত অসম ক্ৰিকেট সন্থাই কয় , প্ৰয়াত মাধৱ তালুকদাৰ এগৰাকী সুদক্ষ ক্ৰিকেটাৰ আছিল। তেওঁ ১৯৫৬-৫৭ চনত বেংগল বিৰুদ্ধে ৰঞ্জি ক্ৰিকেটত আত্মপ্ৰকাশ কৰি ১৩ খন মেচত অসমক প্ৰতিনিধিত্ব কৰিছিল। সন্থাই প্ৰয়াত তালুকদাৰৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে।