Thursday, July 7, 2022
HomeNewsপ্ৰাক্তন ৰাজ্যিক খেলুৱৈ জচবীৰ সিঙৰ পৰলোক, নগাঁৱৰ ক্ৰীড়ামহলত শোকৰ ছাঁ

প্ৰাক্তন ৰাজ্যিক খেলুৱৈ জচবীৰ সিঙৰ পৰলোক, নগাঁৱৰ ক্ৰীড়ামহলত শোকৰ ছাঁ

প্ৰাক্তন ৰাজ্যিক খেলুৱৈ জচবীৰ সিঙৰ পৰলোক, নগাঁৱৰ ক্ৰীড়ামহলত শোকৰ ছাঁ

নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা: প্ৰাক্তন ৰাজ্যিক বাস্কেটবল খেলুৱৈ নগাঁৱৰ ফৌজদাৰীপট্টিৰ জচবীৰ সিং (৫২) আৰু নাই । নগাঁৱৰ ডছন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অধ্যয়ন কৰাৰ সময়তে বাস্কেটবল খেলিবলৈ আৰম্ভ কৰা অবিবাহিত জচবীৰ সিঙে অসম দলৰহৈ স্কুল তথা জুনিয়ৰ পৰ্যায়ত কেইবাবাৰো প্ৰতিনিধিত্বৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ।

আৰু অধিক পঢ়ক

একালৰ নগাঁও জিলা ছিনিয়ৰ বাস্কেটবল দলৰো নিয়মীয়া খেলুৱৈ তথা বক্মিং খেলতো বিশেষভাৱে পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হোৱা সুঠাম শৰীৰৰ অধিকাৰী জচবীৰে যোৱা ১৭জুনত ৰহাৰ সমীপৰ সৰাগাঁৱত এক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হোৱাৰ পিছত মঙলবাৰে গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে শেষনিশ্বাস ত্যাগ কৰে ।

নগাঁৱৰ ফৌজদাৰীপট্টিৰ পুলিচ হস্পিতাল ৰোডৰ বাসিন্দা জচবীৰৰ অকাল বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিবিশেষৰ লগতে নগাঁও ক্ৰীড়া সংস্থা, অম্লান গোষ্ঠী, শ্বাইন’ছ প্লেয়াৰ্ছ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও পৌৰসভাৰ উপ সভাপতি সীমান্ত বৰা, ক্ৰীড়া ভাৰতীৰ নগাঁও জিলা সমিতিৰ সভাপতি দিগন্ত বৰা আদিয়েও গভীৰ শোকপ্ৰকাশ কৰে । মাক-দেউতাকৰ তৃতীয় সন্তান জচবীৰে মৃত্যুৰ সময়ত পাঁচজন ভাই-ককাই,চাৰিজনী ভগ্নীসহিত বহু আত্মীয়-কুটুম্বক ইহ-সংসাৰত এৰি থৈ যায় । তেওঁৰ বিয়োগত নগাঁৱৰ ক্ৰীড়ামহলত শোকৰ ছাঁ বিৰাজ কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments