Monday, May 16, 2022
HomeNewsপ্ৰ' পাঞ্জা লীগ : মুম্বাই আই আই টিত আলোড়ন সৃষ্টি অসমৰ...

প্ৰ’ পাঞ্জা লীগ : মুম্বাই আই আই টিত আলোড়ন সৃষ্টি অসমৰ চেতনা শৰ্মাৰ

প্ৰ’ পাঞ্জা লীগৰ অন্যতম শক্তিশালী মহিলা খেলুৱৈ অসমৰ চেতনা শৰ্মাই বুধবাৰে সন্ধিয়া মুম্বাই আই আই টিত আলোড়নৰ সৃষ্টি কৰে । প্ৰ’ পাঞ্জা লীগৰ আয়োজকসকলে ছাত্র-ছাত্ৰীৰ মাজত পাঞ্জাৰ ব্যাপক প্ৰসাৰৰ বাবে গ্ৰহণ কৰা অভিযানৰ অংশস্বৰূপে চেতনাক আমন্ত্ৰণ জনায় । মুম্বাই আই আই টিৰ “আহ্বান” শীৰ্ষক ক্রীড়া সমাৰোহত অংশগ্ৰহণ কৰে ৬ বাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন পাঞ্জা খেলুৱৈ চেতনা শৰ্মাই । ১০ হেজাৰ টকাৰ প্ৰাইজমানি থকা পাঞ্জাত কেইবাগৰাকীও ছাত্র-ছাত্রীয়ে চেতনাক প্ৰত্যাহ্বান জনায় । কিন্তু শিক্ষানুষ্ঠানখনৰ কেইবাগৰাকীও ছাত্র-ছাত্ৰীক অনায়াসে পৰাজিত কৰে চেতনাই । ছাত্ৰী অংশগ্ৰহণকাৰীৰ ফাইনেলিষ্ট আলমাছ উন্নু ছালনাই জনোৱা প্ৰত্যাহ্বানকো অতিক্ৰম কৰি বিজয়ী হয় অসম কন্যা চেতনা । প্ৰতিযোগিতাত চেতনাই কেইবাগৰাকীও পুৰুষ প্ৰতিদ্বন্দীক অনায়াসে হৰুৱাই প্ৰতিভাৰ পৰিচয় দিয়ে । খেলৰ অন্তত চেতনাই কয় ,”আই আই টিৰ ছাত্র- ছাত্ৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি যথেষ্ট আনন্দ অনুভৱ কৰিছো । বহু লৰা- ছোৱালীয়ে পাঞ্জা খেলিবলৈ আগবাঢ়ি আহিছে । ভাললগা বিষয়টো হ’ল যে প্ৰতিগৰাকীয়ে পাঞ্জা খেলক গুৰুত্ব সহকাৰে লৈছে ।’ গুৱাহাটীৰ কম্পিউটাৰ অভিযন্তা চেতনা বৰ্তমান অসম আৰক্ষীৰ কম্পিউটাৰ বিভাগত কৰ্মৰত । দৰ্শকৰ মাজত পাঞ্জাক জনপ্ৰিয় কৰাৰ বাবেই ভাৰতীয় পাঞ্জা ফেডাৰচনে এই প্ৰতিযোগিতাৰ আয়োজন কৰে । লক্ষ্যণীয়ভাবে নতুন দিল্লীৰ ত্যাগৰাজ ক্ৰীড়া প্ৰকল্পত ২০২০ বৰ্ষত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল প্ৰফেচনেল পাঞ্জা লীগ চমুকৈ প্ৰ’ পাঞ্জা লীগ । পাঞ্জা সন্থা, অসমৰ সম্পাদক প্ৰাণ প্ৰতিম চলিহাই জনোৱা মতে চলিত বছৰৰ জুলাই- আগষ্টত উৰিষ্যাৰ পৰ্যটন নগৰী পুৰীত অনুষ্ঠিত হ’ব পৰৱৰ্তী প্ৰ’ পাঞ্জা লীগ । মুম্বাইৰ পাছত গোৱালিয়ৰত অসমৰ চেতনা শৰ্মাই প্ৰ’ পাঞ্জা
লীগৰ জনসমৰ্থন আদায়ৰ বাবে আন এক টুৰ্ণামেণ্টত অংশ ল’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments