আফগানিস্তানৰ ক্ৰিকেট বৰ্ডে পোন প্ৰথমবাৰৰ বাবে দেশখনৰ মহিলা ক্ৰিকেট খেলুৱৈক টেষ্ট দলৰ বাবে চুক্তিবদ্ধ কৰিব। টেষ্ট ক্ৰিকেট খেলা ১২ খন দেশৰ ভিতৰত একমাত্ৰ আফগানিস্তানৰে মহিলা টেষ্ট দল বৰ্তমানলৈকে নাই। বৰ্ডে সেয়ে ২৫ গৰাকী মহিলা খেলুৱৈক এবছৰৰ বাবে চুক্তিবদ্ধ কৰিব আৰু প্ৰতি ছয় মাহৰ মূৰত ইয়াক ৰিভিউ কৰা হব।
অৱশ্যে মহিলা দলটোক লৈ এতিয়া চিন্তিতও হৈ পৰিছে আফগানিস্তান ক্ৰিকেট বৰ্ড। কিয়নো ইয়াৰ পৰম্পৰা অনুসৰি মহিলা দলটোৱে অনুশীলন কৰাৰ সময়ত কোনো পুৰুষ খেলুৱৈ থাকিব নোৱাৰে। ইয়াৰ বাবে দলটোক কাবুলৰ পৰা বাহিৰত অনুশীলনৰ বাবে লৈ যোৱাটো সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি স্বৰুপ হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
আফগানিস্তানৰ ক্ৰিকেট বৰ্ডৰ অধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় য়ে, ইয়াৰ মহিলাই শিক্ষা, ক্ৰীড়া, স্বাস্থ্য ক্ষেত্ৰলৈ অহাটো ইমান সহজ নহয়। ইয়াৰ বাবে আমি লাহে লাহে পৰিকল্পনা কৰিবলগীয়া হৈছে।