অলিম্পিয়াৰ প্ৰতিবেদন
চলিত আই পি এলত ধাৰাবাহিক ব্যৰ্থতাৰ পিছত অৱশেষত চেন্নাই চুপাৰ কিংছ দলে অৱশেষত জয়ৰ মুখ দেখিবলৈ সক্ষম হ’ল। হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত চেন্নাইয়ে পৰাজয়ৰ ধাৰাবাহিকতা ভংগ কৰাৰ লগতে এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
মঙলবাৰে খেলা মেচখনত চেন্নাইয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদক ২০ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়। আই পি এলৰ ইতিহাসত হায়দৰাবাদৰ বিৰুদ্ধে চেন্নাইৰ এয়া দশম সংখ্যক জয়।
ইয়াৰ লগে লগে আইপিএলৰ প্ৰতিটো দলৰ বিৰুদ্ধে দহ বা তাতোকৈ অধিক সংখ্যক মেচ জয় কৰা একমাত্ৰ দল হিচাপে পৰিগণিত হৈছে চেন্নাই চুপাৰ কিংছ।