Friday, September 30, 2022
HomeNewsপ'ৱেলৰ বেটিং বিক্ৰমত তচনচ কলকাতাৰ প্ৰতিৰোধ

প’ৱেলৰ বেটিং বিক্ৰমত তচনচ কলকাতাৰ প্ৰতিৰোধ

প’ৱেলৰ বেটিং বিক্ৰমত তচনচ কলকাতাৰ প্ৰতিৰোধ

অলিম্পিয়া প্ৰতিবেদন:

উৰহৰ খং ফটা কাথাত জাৰিলে ঋষভ বাহিনীয়ে ।

আম্পায়াৰৰ পাছত আক্ৰমণৰ লক্ষ্য হৈ পৰিল শ্ৰেয়াস আয়াৰ । উমেশৰ তীব্ৰ বেগী বলেও ৰোধিব নোৱাৰিলে দিল্লীৰ বিজয় যাত্ৰা । এক কথাত ৰভমান প’ৱেলৰ আক্ৰমণত তচনচ কলকাতাৰ বলাৰ । চলিত ছিজনৰ আই পি এলত চলিছে মহাৰণ । কেতিয়াবা কোনো খেলুৱৈৰ বেটিং ব্যৰ্থতাই যদি অনুৰাগীৰ মনত আঘাত দিয়ে । কেতিয়াবা আকৌ সেই আঘাত ম্লান কৰে অন্য কোনো বেটাৰৰ বিস্ফোৰক অভাৰ বাউণ্ডাৰীয়ে ।

আৰু অধিক পঢ়ক

এনে এক দোদুল্যমান অৱস্থাত, যোৱা বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ল দিল্লী কেপিটেলছৰ অষ্টম তথা কলকাতা নাইট ৰাইডাৰ্ছৰ নৱমখন মেচ । দিল্লীৰ অধিনায়ক ঋষভ পন্তে টচত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । সেই সিদ্ধান্ত মৰ্মে শ্ৰেয়াছ আয়াৰ বাহিনী আহে বেট ধৰিবলৈ । কিন্তু দুৰ্ভাগ্যজনক কথা যে, দিল্লী দলৰ বিস্ফোৰক বলিঙৰ সমুখত তিষ্ঠিব নোৱাৰি ৯ উইকেটৰ বিনিময়ত দিল্লীক বিজয়ৰ বাবে বান্ধি দিয়ে মাত্ৰ ১৪৭ ৰানৰ এটা দুৰ্বল স্কৰ । প্ৰথমে বেট ধৰিবলৈ অহা দুই অপেনাৰৰ দুৰ্বল প্ৰদৰ্শনেৰে অনুৰাগীক ব্যথিত কৰিছিল । যদিও নিতিশ ৰাণা আৰু অধিনায়ক আয়াৰে ক্ৰমে ৫৭ আৰু ৪২ ৰাণ সংগ্ৰহেৰে যেন ক্ষন্তেকৰ বাবে হলেও আশাৰ ৰেঙনি দিছিল দলটোক । কিন্তু পন্ত বাহিনীয়ে অনুৰাগীৰ সেই আশাত ঢালি দিলে চেঁচাপানী । ৰাজস্থানৰ বিৰুদ্ধে অনুষ্ঠিত বিগত মেচত জৰিমনা ভৰা পন্ট বাহিনী আছিল খং আৰু আক্ৰমণৰ উচ্চ শিখৰত । যাৰ পৰিণতি দেখা গ’ল অনুষ্ঠিত কলকাতাৰ মেচ খনত । শেষ অভাৰত এটা ন’ বলৰ বাবে জৰিমনা ভৰা পণ্ট বাহিনীয়ে কলকাতাৰ বিৰুদ্ধে নাৰাখিলে শেষ অভাৰলৈ খেল । মাত্ৰ ৬ উইকেটৰ বিনিময়ত ১৯ অভাৰতে এটা বৃহৎ অভাৰ বাউণ্ডেৰীৰে ১৫০ ৰাণ সংগ্ৰহ কৰি বিদায় দিলে কলকাতাক ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখ্য যে উক্ত মেচত কলকাতাৰ হৈ উমেশ যাদৱৰ প্ৰদৰ্শন আছিল অতি উন্নত । ২৪ ৰাণ ব্যয়েৰে ৩ টা উইকেট দখল কৰিবলৈ সক্ষম হোৱা উমেশৰ শ্ৰমো যেন বিফল হ’ল উক্ত মেচত । আনহাতে প্ৰতিদ্বন্দ্বী হিচাপে থকা দিল্লী দলৰ বলাৰো নাছিল সহনশীল । দিল্লীৰ হৈ কুলদ্বীপ যাদৱৰ দুৰ্দান্ত বলিঙে তচনচ কৰিলে কলকাতাৰ বেটাৰক । মাত্ৰ তিনি অভাৰত ১৪ ৰাণ ব্যয়েৰে কুলদ্বীপে ৪ টা উইকেট দখল কৰি পুনৰ দেখুৱালে নিজৰ বলিং দক্ষতা । তদুপৰি মুস্তাফিজুৰ ৰহমানেও দেখুৱালে নিজৰ দক্ষতা । মাত্ৰ ১৮ ৰাণ ব্যয়েৰে ৩ টা উইকেট দখল কৰা ৰহমানৰ অৱদানো প্ৰসংশনীয় । পইন্ট তালিকাৰ ৬ নম্বৰ স্থানত থকা দিল্লী দলৰ ডেভিদ ৱাৰ্ণাৰে মেচখনত ২৬ টা বলত ৪২ ৰাণ, ৰভমান প’ৱেলে ১৬ টা বলত অপৰাজিত ৩৩ ৰাণৰ বৰঙণিৰে বিজয় সাব্যস্ত কৰে ।

আই পি এলত এই পৰ্যন্ত ৮খন মেচৰ পৰা ৭ খনত জয়লাভ কৰি গুজৰাট টাইটানছ দলে সৰ্বাধিক ১৪ প‌ইণ্ট, ৬ খনত জয়েৰে ৰাজস্থান ৰয়েলছে ১২ প‌ইণ্টৰ দ্বাৰা দ্বিতীয় স্থানত, ৫ খনত জয়েৰে ১০ প‌ইণ্টৰ সহায়ত ছানৰাইজাৰ্ছ হাইদৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দলে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰি আছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments