Friday, September 30, 2022
HomeNewsফলমূলৰ দোকানীৰ পুত্র আজি আই পি এলৰ দুৰ্দান্ত বলাৰ ! দোকানতেই পালে...

ফলমূলৰ দোকানীৰ পুত্র আজি আই পি এলৰ দুৰ্দান্ত বলাৰ ! দোকানতেই পালে পুত্রৰ গৌৰৱৰ খবৰ

অলিম্পিয়া প্ৰতিবেদন

ফল মূল আৰু পাচলি দোকানীৰ পুত্র আজি বিশ্বৰ দুৰ্দান্ত পেচ বলাৰ । আই পি এলত বলিঙেৰে দিছে চমক । একেৰাহে উইকেট দখলেৰে তচনচ কৰিছে সমুখৰ প্ৰতিদ্বন্দীক । পুত্রৰ সাফল্যত গৌৰৱান্বিত সহজ-সৰল পিতৃ ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এতিয়া নয়নৰ মণি বলাৰ উমৰাণ মালিক । চলিত ছিজনত একেটা অভাৰত তিনিটা উইকেট দখলেৰে বিশ্ববাসীক চমকিত কৰিলে উমৰাণে । উমৰাণৰ পিতৃ আব্দুল ৰছিদ এগৰাকী ফল আৰু পাচলি বিক্ৰেতা । জন্মুৰ শ্বহিদী চকত আছে ফলমূলৰ সৰু দোকানখন । ঘটনাটো যোৱা ১৭ এপ্ৰিলৰ । তেতিয়া আব্দুল ৰচিদ বহি আছে নিজৰ পাচলি আৰু ফলমূলৰ দোকানত । তেনেতে তেওঁৰ ওচৰলৈ কিছুমান দোকানীয়ে দৌৰি গৈ জনালে অভিনন্দন । উমৰাণৰ পিতৃ ৰছিদ সেইসময়ত হৈছিল আচৰিত । তেওঁ প্ৰত্যুত্তৰত সকলোকে জনাইছিল সম্ভাষণ, কিন্তু ধৰিব পৰা নাছিল আচলতে ঘটনাটো কি ? এজন মানুহে তেতিয়া ক’লে -” আব্দুল ভাই, আপকা বেটে নে কামাল কৰ দিয়া, ৩ উইকেট লিয়া এক অভাৰ মে ।” অৰ্থাৎ উমৰাণে আশ্বয্যকৰ কাম কৰিলে । একেটা অভাৰত ললে ৩ টা উইকেট । দোকানী পিতৃয়ে আই পি এলত তেওঁৰ পুত্রৰ শেহতীয়া বীৰত্বৰ বিষয়ে জানিবলৈ পোৱাৰ পাছত হাঁহিছিল আৰু সকলোকে পুনৰ ধন্যবাদ জনাইছিল । এনেতে ৰছিদৰ ফোনটো বাজিবলৈ ধৰিছিল । উমৰাণে কিবা কোৱাৰ আগতেই পিতৃয়ে কলে-“তুমি আজি মোৰ গৌৰৱান্বিত কৰালা ।”

প্ৰকৃততে মেচখনত উমৰাণে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ দখল কৰিছিল মুঠ ৪ টা উইকেট । আউট কৰিছিল আৰ চি বিৰ দুৰ্ধৰ্ষ বেটাৰ জীতেশ শৰ্মা, অডেন স্মিথ, ৰাহুল চাহাৰ আৰু বৈভৱ আৰোৰাক । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত এই মেচৰ অন্তিম অভাৰত উমৰাণে দখল কৰিলে তিনিটা উইকেট । তাৰপাছতেই পিতৃৰ দোকানত বৈছিল শুভেচ্ছাৰ বৰষুণ ।

১৯৯৯ চনৰ ২২ নবেম্বৰত উমৰাণে জন্মগ্ৰহণ কৰিছিল জম্মুত । ২৩ বছৰীয়া উমৰাণে ২০২০-২১ বৰ্ষত জন্মু কাশ্মীৰৰ হৈ খেলিছিল ছৈয়দ মোস্তাক আলি ট্ৰফী । সেই একে বছৰতে বিজয় হাজাৰে ট্ৰফী খেলাৰো আছে অভিজ্ঞতা । ২০২১ বৰ্ষত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ টি নটৰাজনৰ কোভিদ হোৱাৰ বাবে তেওঁৰ স্থানত দলত স্থান পাইছিল উমৰাণে । চলিত বৰ্ষৰ আই পি এলতো ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ দলক দিছে জয়ৰ সোৱাদ । এনে এগৰাকী প্ৰতিভা সম্পন্ন ক্ৰিকেটাৰৰ পিতৃ হিচাপে গৌৰৱৰ ভাগীদাৰ হৈছে পিতৃ আব্দুল ৰছিদ ।পিতৃৰ আশা–উমৰাণে এদিন সমগ্ৰ দেশক গৌৰৱান্বিত কৰিব । লগতে বিশ্বকাপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সপোন পুহি ৰাখিছে পিতৃয়ে ।

ক্ৰীড়া অনুৰাগীৰ আশা — সহজ সৰল পিতৃৰ সেই আশাই পাওক পূৰ্ণতা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments