ফাইটিং আৰু কাটাত সৰ্বমুঠ ৩২টা পদক লাভ

অলিম্পিয়াৰ প্ৰতিবেদক ঃ সৰ্বভাৰতীয় পৰ্যায়ত কন্যাকুমাৰীত ২৪, ২৫ আৰু ২৬ মে’ত অনুষ্ঠিত হৈ যোৱা ২২সংখ্যক অল ইণ্ডিয়া ৱাডু-কাই কাৰাটে প্ৰতিযোগিতাখনত অসমৰ পৰা যোৱা দলটোৱে বৃহৎ সফলতা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰতিযোগিতাখনত অসমৰ দলটোৰ ২০জন সদস্যই ফাইটিং আৰু কাটা দুয়োটা বিভাগতে অংশগ্ৰহণ কৰি সৰ্বমুঠ ৩২টা পদক লাভ কৰিবলৈ সক্ষম হয়। শোণিতপুৰ জিলাৰ কাৱৈমাৰী ৱাডু-কাই কাৰাটে ক্লাব, বিহগুৰিৰ ইয়েছ ফাইট ক্লাব, বিশ্বনাথৰ বিশ্বনাথ চাৰিআলি ৱাডু-কাই  কাৰাটে ক্লাবৰ সদস্যৰে গঠিত দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল তন্ময় নাথ। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনত লাভ কৰা এই বৃহৎ সফলতাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ইতিমধ্যে বিভিন্ন দল-সংগঠনে খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে অসমৰ দলটোৰ লগতে যোৱা কাৱৈমাৰীৰ ৱাডু-কাই কাৰাটে ক্লাবৰ ছয় বছৰীয়া বৰ্ণাঢ্য নাথে কাটাত সোণৰ পদক আৰু ফাইটিঙত ব্ৰঞ্জৰ পদক লাভ কৰি সৰ্বভাৰতীয় ৱাডু-কাই এছ’চিয়েচনৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ছয় বছৰীয়া বৰ্ণাঢ্য শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ বিজয় নাথ আৰু ময়ূৰী দেৱী দাসৰ কনিষ্ঠ পুত্ৰ। আনহাতে একেখন প্ৰতিযোগিতাতে তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ আৰাধ্য নাথেও ফাইটিং আৰু কাটা দুয়োটা বিভাগতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *