Tuesday, October 4, 2022
HomeNewsফাইনেলত মুম্বাই চিটীক হৰুৱাই ইতিহাস ৰছনা কৰি ডুৰাণ্ড কাপ চেম্পিয়ন বাংগালুৰু এফ...

ফাইনেলত মুম্বাই চিটীক হৰুৱাই ইতিহাস ৰছনা কৰি ডুৰাণ্ড কাপ চেম্পিয়ন বাংগালুৰু এফ চি

ফাইনেলত মুম্বাই চিটীক হৰুৱাই ইতিহাস ৰছনা কৰি ডুৰাণ্ড কাপ চেম্পিয়ন বাংগালুৰু এফ চি

অলিম্পিয়া প্ৰতিবেদন: ইতিহাস গঢ়ি বাংগালুৰু এফ চিয়ে প্ৰথমবাৰৰ বাবে ঐতিহ্যমণ্ডিত ১৩১ সংখ্যক
ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে । দেওবাৰে কলকাতাৰ
বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত বাংগালুৰু দলে ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে মুম্বাই চিটী এফ চিক । উল্লেখ্য যে উভয় দলে পোনপ্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ
ফাইনেলত অংশ লৈছিল । কিন্তু ইতিহাস লিপিবদ্ধ হ’ল বাংগালুৰু এফ চিৰ নামত ।

ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ৰ পূৰ্বৰ চেম্পিয়ন দল দুটাৰ চলিত ছিজনৰ প্ৰথমটো খিতাপ জয়ৰ যুঁজক লৈ ফুটবলপ্রেমীৰ মাজত আছিল উৎসাহ আৰু উৎকণ্ঠা । সমশক্তিৰ দল দুটাই মেচৰ আৰম্ভণিৰ পৰাই আকর্ষণীয় খেল খেলি আক্ৰমণৰে চাপ সৃষ্টি কৰিছিল বিপক্ষৰ ৰক্ষণ বিভাগত । কিন্তু বাংগালুৰুৰ নিখুঁত দুৰ্গ
ৰক্ষা তথা মুম্বাইৰ ষ্ট্ৰাইকাৰৰ দুৰ্বল ফিনিচিঙে মেচৰ ফলাফলত গুৰুত্বপূৰ্ণ ভূমিকা লয় ।

খেলৰ ১১ মিনিটত বাংগালুৰু দলে প্রথমেই মেচত অগ্রগতি লয় । ফৰ্মত থকা দলৰ ষ্ট্ৰাইকাৰ শিৱ শক্তিয়ে
গ’ল কৰি বাংগালুৰুক ১-০ ৰ অগ্ৰগতি দিয়ে । ফাইনেল মেচৰ তীব্র চাপত শিৱৰ এই গ’লে বাংগালুৰু দলৰ
শিবিৰলৈ লৈ আনে আনন্দ আৰু মানসিক শক্তি । কিন্তু দলে অগ্রগতি ধৰি ৰাখিবলৈ সক্ষম নহ’ল ।
খেলৰ ৩০ মিনিটত মুম্বাই চিটীয়ে সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় ।

অপূয়াই গ’ল কৰি মেচত ১-১ গ’লত সমতা স্থাপন কৰে । এই গ’লৰ পাছতেই মেচৰ উত্তেজনা বৃদ্ধি পায় । ৩৮ মিনিটত বাংগালুৰুৰ ৰয় কৃষ্ণা আৰু শিৱই যুটি বান্ধি গ’ল কৰাৰ চেষ্টা কৰে যদিও মুম্বাইৰ গ’লক্ষক লাচেনপাই সেয়া ৰক্ষা কৰে । আনহাতে ৪২ মিনিটত মুম্বাইৰ হৈ অসম সন্তান বিনীত ৰায়ে সুযোগ পায়ো সঠিক দিশত শ্বট মৰাত ব্যৰ্থ হয় ।

দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত বাংগালুৰু দলে পুনৰ অগ্ৰগতি লয় । মেচৰ ৬১ মিনিটত এলেন ক’ষ্টাই গ’ল
কৰি দলক ২-১ ৰ অগ্ৰগতি দিয়ে । আনহাতে, ৬৭ মিনিটত সুনীল চেত্ৰীৰ শ্বট অলপৰ বাবে গ’ল নহ’ল ৷ ইফালে, মুম্বাইৰ পৰিৱৰ্তিত খেলুৱৈ নগুৱেৰাই ৭৭ মিনিটত তীব্ৰ শ্বট মাৰে যদিও গ’ল বাৰত লগাত সফল নহ’ল ।
আনহাতে, ৮৭ মিনিটত উদান্তা, শিৱ আৰু সুনীলৰ আক্ৰমণত ভাগ্যৰ বলত গ’ল হজম নকৰিলে মুম্বাই দলে । তথাপি বাংগালুৰুৰ জয় তেতিয়ালৈ নিশ্চিত হৈ গৈছিল আৰু ইতিহাস গঢ়ি দলে প্ৰথমবাৰৰ বাবে
লাভ কৰে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবলৰ চেম্পিয়ন ট্ৰফী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments