Wednesday, July 6, 2022
HomeNewsফাইনেলৰ বাবে ৰাজস্থান ৰয়েলছৰ হাতত অন্তিমটো সুযোগ

ফাইনেলৰ বাবে ৰাজস্থান ৰয়েলছৰ হাতত অন্তিমটো সুযোগ

অলিম্পিয়া প্ৰতিবেদন

প্লে অফত ৰাজস্থানক পৰাস্ত কৰি ফাইনেলত প্ৰবেশ গুজৰাট টাইটানছ । হাৰ্ডিক – মিলাৰৰ দৰ্শনীয় ইনিংছ । সঞ্জু বাহিনীৰ হাতত আছে অন্তিমটো সুযোগ ।জোছ বাৰ্টলাৰৰ বিস্ফোৰক বেটিঙেও পৰাজয়ৰ পৰা ৰক্ষা নকৰিলে ৰাজস্থান ৰয়েলছক ।

মংগলবাৰে প্লে অফৰ যুঁজত অৱৰ্তীণ হ’ল আই পি এলৰ নতুন দল গুজৰাট টাইটানছ বনাম ৰাজস্থান ৰয়েলছ । প্ৰথমে বেটিং কৰি ৬ টা উইকেটৰ বিনিময়ত ৰাজস্থানে সংগ্ৰহ কৰিলে ১৮৮ ৰাণ । ৰাজস্থানৰ হৈ দুৰ্দান্ত ইনিংছ খেলিলে দুৰ্ধৰ্ষ বেটাৰ জোছ বাৰ্টলাৰে । তেওঁ ৫৬ টা বলত ৮৯ ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিয়ে । বাৰ্টলাৰৰ ইনিংছত আছিল ১২ টা বাউণ্ডেৰী আৰু ২ টা অভাৰ বাউণ্ডেৰী । ৰাজস্থানৰ অধিনায়ক হিচাপে সঞ্জু চেমচনে ২৬ টা বলত কোবালে ৪৭ ৰাণ । থমকি নাথাকিল দেৱদত্ত পাডিকাল । তেওঁ ২০ টা বলত ২৮ ৰাণ কৰি পেভেলিয়নলৈ উভতি আহে । অসম সন্তান ৰিয়ানে ৩ টা বল খেলি ৪ ৰাণত দুৰ্ভাগ্যজনক ভাৱে ৰাণ আউট হয় ।

এইবাৰ ১৮৯ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল হাৰ্ডিক পাণ্ডিয়া বাহিনী । আৰম্ভণিৰে পৰা মাৰমুখী ৰূপত দেখা গৈছিল আই পি এলৰ নতুন দল গুজৰাট টাইটানছৰ বেটাৰক । শুভমন গীলে ৩৫ আৰু ৰিদ্ধিমান সাহা শূণ্যতেই আউট হ’লেও ডেভিদ মিলাৰ আৰু হাৰ্ডিকে জয়ৰ কাষলৈ লৈ গ’ল দলটোক । গুজৰাটৰ হৈ হাৰ্ডিক আৰু মিলাৰে দৰ্শনীয় ইনিংছেৰে অপৰাজিত হৈ ৰয় । ২৭ টা বলত গুজৰাটৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়াই সংগ্ৰহ কৰিলে ৪০ ৰাণ । সেইদৰে, ডেভিড মিলাৰে ৩৮ টা বলত কোবালে ৬৮ ৰাণ । মিলাৰৰ ইনিংছত আছিল ৩ টা বাউণ্ডেৰী আৰু ৫ টা অভাৰ বাউণ্ডেৰী । হাৰ্ডিক আৰু মিলাৰৰ অপৰাজিত যুটিয়ে ১৯ অভাৰ ৩ টা বলতে জয়ৰ লক্ষ্যত উপনীত কৰালে গুজৰাট টাইটানছক । ৰাজস্থান ৰয়েলছক তচনচ কৰি ৭ উইকেটত জয়ী হল হাৰ্ডিক পাণ্ডিয়া বাহিনী ।
এই জয়ৰ লগে লগে ফাইনেলৰ বাবে নিজৰ স্থান নিশ্চিত কৰিলে গুজৰাট টাইটানছে । পৰাজয় সত্ত্বেও ৰাজস্থান ৰয়েলছৰ ফাইনেলত উপনীত হোৱাৰ আৰু এটা সুযোগ আছে । কোৱালিফায়াৰ- ২ ত এলিমিনেটৰৰ বিজয়ীৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ মুখামুখী হ’ব । আনহাতে, বুধবাৰে কোৱালিফায়াৰ মেচত অৱৰ্তীণ হ’ব আন দুটা শক্তিশালী দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ।

উল্লেখযোগ্য যে, ২৯ মে’ত আছে আইপিএলৰ ফাইনেলৰ মহাৰণ । ফাইনেলত গুজৰাট টাইটানছৰ সৈতে কোনটো দল অৱৰ্তীণ হ’ব তাৰ বাবে উৎকন্ঠিত ক্ৰিকেট বিশ্ব । কোনে দখল কৰিব এই ছিজনৰ চেম্পিয়নৰ খিতাপ ? গুজৰাট টাইটানছ নে আন কোনোবা ? ইয়াৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে আই পি এলৰ অনুৰাগীসকলে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments