Tuesday, October 4, 2022
HomeNews'ফিট ইণ্ডিয়া ফীড্ৰম ৰান'ৰ সজাগতামূলক ভাৰ্চুৱেল সভা

‘ফিট ইণ্ডিয়া ফীড্ৰম ৰান’ৰ সজাগতামূলক ভাৰ্চুৱেল সভা

অলিম্পিয়াৰ প্ৰতিবেদন

১৫ আগষ্টৰ পৰা ২ অক্টোবৰলৈ আৰম্ভ হোৱা “ফিট ইণ্ডিয়া ফ্ৰীডম ৰান” কাৰ্যসূচীৰ সজাগতা সৃষ্টিৰ বাবে আজি ছাইৰ আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক ড০ সুভাষ বসুমতাৰীৰ তত্ত্বাৱধানত জুম এপৰ জড়িয়তে এক সভা অনুষ্ঠিত হয়। সভাত অৰ্জুন ভোগেশ্বৰ বৰুৱা, পূৰ্বৰ আন্তঃৰাষ্ট্ৰীয় মহিলা এথলিট তৈবুন নেছা, বক্সাৰ যমুনা বড়োৰ উপৰিও ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক সুবুধমল্ল বৰুৱা, পুলিন সাহা, উদয় বৰগোঁহাই, ৰাজদীপ দাস আদিয়ে অংশগ্ৰহণ কৰে।

ইয়াৰ উপৰিও এই সজাগতামূলক সভাখনত ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ যুটীয়া সম্পাদক পাৰ্থ পেগুৰ লগতে বিভিন্ন প্ৰান্তৰ খেলুৱৈ, প্ৰশিক্ষক আৰু ছাইৰ বিভিন্ন শাখাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

এই সভাতেই ‘ফিট ইণ্ডিয়া ফ্ৰীডম ৰান’ ফলপ্ৰসূ কৰিবলৈ অংশগ্ৰহণকাৰী সকলে কেতবোৰ পৰামৰ্শ আগবঢ়াইছে। তেওঁলোকে কেন্দ্ৰ চৰকাৰৰ ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ৰ পৰামৰ্শৱলী মানি চলাৰ লগতে খোজ কঢ়া, দৌৰা আদি কাৰ্য্য সমূহ কৰি শৰীৰ সুস্থ কৰি ৰখাৰ আহ্বান জনায় সকলোকে। তাৰ লগতে ফিটনেছৰ গুৰুত্ব বৃদ্ধি কৰাৰ ওপৰত বিশেষ প্ৰাধান্য দিয়াৰ বাবেও তেওঁলোকে আহ্বান জনায়। সুস্থ শৰীৰ আৰু সুস্থ মন একোটাৰ গৰাকী হোৱাটো এক দৰকাৰী। সকলো ব্যক্তিয়ে দিনটোত অন্তত আধা ঘন্টাকৈ হলেও তেওঁলোকৰ শৰীৰটোক সুস্থ ৰখাৰ বাবে চেষ্টা কৰিব লাগে।

অংশগ্ৰহণকাৰীসকলে ফিট ইণ্ডিয়া মুভমেণ্টৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ‘ফীট ইণ্ডিয়া ফ্ৰীডম ৰান’ৰ দৰে কাৰ্যসূচী গ্ৰহণৰ বাবে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজুজুৰ শলাগ লয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments