Monday, October 3, 2022
HomeNewsফিল্ডত ৰিয়ানৰ অসমীয়াগিৰি

ফিল্ডত ৰিয়ানৰ অসমীয়াগিৰি

ফিল্ডত ৰিয়ানৰ অসমীয়াগিৰি

অলিম্পিয়া প্ৰতিবেদন: আই পি এলত অৰ্ধ শতকেৰে নিজৰ যাত্ৰা আৰম্ভ কৰিলে অসম সন্তানে । আৰম্ভণিৰে পৰা দুৰ্বল প্ৰদৰ্শন দেখুৱাই অহা ৰিয়ানে যোৱা মংগলবাৰে দেখুৱালে চমক । এককথাত ফিল্ডত ৰিয়ানৰ অসমীয়াগিৰি । ৰিয়ানৰ দুৰ্দান্ত বেটিঙত হতভ্ৰম্ব পঞ্জাৱ কিংছৰ মহা তাৰকা বলাৰ ।

চলিত ছিজনৰ আই পি এলত ইটোৰ পাছত সিটো দলে দেখুৱাইছে নিজৰ দক্ষতা । নিতৌ উঠা-নমা হয় পইণ্ট তালিকা । তাৰ মাজতে যোৱা মংগলবাৰে মহাৰাষ্ট্ৰ ক্ৰিকেট এছচিয়েচনৰ পুনে ষ্টেডিয়ামত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল পইণ্ট টেবুলৰ শীৰ্ষ স্থানত থকা ৰাজস্থান ৰয়েলছৰ অষ্টমখন মেচ । য’ত দেখা গ’ল ৰাজস্থানৰ ত্ৰাণকৰ্তা ৰূপত থিয় দিয়া অসম সন্তান ৰিয়ান পৰাগক । এটি দুৰ্বল স্কৰতে খেল সামৰিব খোজা ৰাজস্থানক যেন ৰক্ষা কৰিলে ৰিয়ানে । দলৰ পঞ্চম স্থানৰ বেটছমেন হিচাপে অহি ৰিয়ানে যি দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিলে সেয়া দেখি সামাজিক মাধ্যমতো উঠিল এক ব্যাপক খলকনি । অসম সন্তানজনৰ এনে প্ৰদৰ্শনত আপ্লুত সমগ্ৰ ক্ৰিকেট বিশ্ব । ৰিয়ানে দলৰ লগতে ৰাখিলে অসমৰ মান ।

আৰু অধিক পঢ়ক

দলৰ হৈ ৰিয়ানে ৩১ টা বলত ন’ট আউট থাকি তিনিটা বাউণ্ডাৰী আৰু চাৰিটা অভাৰ বাউণ্ডাৰীৰে সংগ্ৰহ কৰে সৰ্বাধিক ৫৬ ৰাণ । তাৰ সমান্তৰালভাৱে সঞ্জু ছেমছনে ২১ টা বলত ২৭ আৰু ৰবিচন্দ্ৰন অশ্বিনে ৯ টা বলত ১৭ ৰাণৰ বৰঙণিৰে বেংগালুৰুক জয়ৰ বাবে বান্ধি দিয়ে ১৪৫ ৰাণৰ টাৰ্গেট ।

ৰাজস্থান দলৰ মেণ্টৰ তথা শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰায়ো ৰিয়ানৰ প্ৰদৰ্শনত মুগ্ধ হৈ তেওঁক উপচাই পেলাই ভূয়সী প্ৰশংসাৰে । এই প্ৰসংগত মেচৰ মেন অৱ দ্য মেচ গ্ৰহণৰ সময়ত ৰিয়ানে কয়, ” কিছু সন্তুষ্ট হৈছো ! ৰয়েলছ দলে বিগত তিনি বছৰ ধৰি মোৰ ওপৰত আস্থা ৰাখিছে আৰু মই এতিয়া অলপ অলপকৈ পৰিশোধ কৰিব ধৰিছো । চাপত খেলি মই ভালেই পাওঁ আৰু এনে অৱস্থাত মোৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰোঁ । টাইম আউটৰ সময়ত দলৰ মেণ্টৰ কুমাৰ ছাংগাৰাকাৰাই আহি এই উইকেটত ১৪০ মান ৰাণ হ’লেই ভাল হ’ব বুলি বুজালে । শেষৰ দুটা অভাৰত ৰাণৰ গতি বৃদ্ধি কৰিবৰ বাবে প্ৰথমে হাছাৰাংগাক লক্ষ্য কৰিব বিচাৰিছিলো । কিন্তু আমি সেই সময়তে উইকেট হেৰুৱালো । সেয়ে কৌশল সলনি কৰি হেজেলউড আৰু হৰ্ষলৰ বল কোবাবলৈ ল’লো ।”

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

আনহাতে ফিল্ডিঙৰ ক্ষেত্ৰতো মংগলবাৰে মেচখন আছিল ৰিয়ানৰ বাবে এক উল্লেখনীয় মেচ । বৰ্তমান ফৰ্মহীনতাত ভোগা কিং খ্যাত বিৰাট কোহলিৰ এটি বৃহৎ কেচেৰে আৰম্ভ হয় অসম সন্তানজনৰ ফিল্ডিং যাত্ৰা । তাৰ পাছতে ক্ৰমে ছাহবাজ আহমেদ, সুৰেশ প্ৰভূদেশাই আৰু হৰ্ষল পেটেলৰ কেচেৰে সৰ্বমুঠ ৪ টা উইকেট দখল কৰি তেওঁলোকক পেভেলিয়নৰ বাহিৰ কৰিবলৈ সক্ষম হয় ৰিয়ানে ।

উল্লেখযোগ্য যে, ৰিয়ানৰ পাছতে দললৈ বিশেষ বৰঙণি আগবঢ়ায় ৰাজস্থানৰ বলাৰেও ।বলাৰৰ তীব্ৰ আক্ৰমণত একো তলকিবই নোৱাৰিলে বেংগালুৰুৰ বেটছমেনে । দলৰ হৈ কুলদ্বীপ সেনে ৩ অভাৰ ৩ টা বলত ২০ ৰাণ ব্যয়ৰে ৪ টা, অশ্বিনে ১৭ ৰাণ ব্যয়ৰে ৩ টা আৰু প্ৰসিদ্ধ কৃষ্ণই ২৩ ৰাণ ব্যয়ৰে দখল কৰে দুটা উইকেট ।
উক্ত মেচত দেখা গল এক সুন্দৰ দৃশ্য । মেন অৱ দ্য মেচৰ সন্মান গ্ৰহণৰ পাছত যোগাসনৰ ভঙ্গীমাৰে খেলপথাৰত বহি পৰিল ৰিয়ান । পৰাজয়ৰ জ্বৰত আক্ৰান্ত বেংগালুৰুৰ দুজন খেলুৱৈয়ে লিপ্ত হয় তৰ্কাতৰ্কিত । শেষৰ অভাৰত কেইবাটাও অভাৰ বাউণ্ডেৰী মৰাৰ ই আছিল যেন এক বহি:প্ৰকাশ । ইয়াৰ পাছতেই মেন অৱ দ্য মেচ ট্ৰফী সন্মুখত ৰাখি যিদৰে ৰিয়ান যোগাসনত বহি পৰিল, সেয়া যেন বেংগালুৰুৰ বাবে ৰামচন্দ্ৰই বালীৰ বুকুলৈ নিক্ষেপ কৰা এপাত বিষাক্ত বাণহে ।

এনে প্ৰদৰ্শনৰ পাছত ৰিয়ানৰ অনুৰাগীসকলৰ বুকুলৈ পুনৰ সোমাই আহিছে আস্থা । ৰিয়ানে অনাগত মেচসমূহত দেখুৱাওক এনে দুৰ্দান্ত প্ৰদৰ্শন । অনুৰাগীৰ এতিয়া এয়ে কামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments