Sunday, October 2, 2022
HomeNewsফুটবলক চুমা দি বিপদত ফুটবলাৰ!

ফুটবলক চুমা দি বিপদত ফুটবলাৰ!

অলিম্পিয়াৰ প্ৰতিবেদন

খেলপথাৰত বিপক্ষৰ ৰক্ষণ বিভাগ ভেদ কৰি গল কৰাৰ পিছত স্বাভাৱিকতে উল্লাখিত হৈ পৰে প্ৰতিজন ফুটবলাৰ। এই আনন্দ, উল্লাখ প্ৰকাশ কৰাৰ ধৰণ সকলো ফুটবলাৰৰে ভিন্নধৰণৰ। কোনো কোনোৱে গল কৰাৰ পিছত বলটো দুহাতেৰে লৈ চুমা দিয়াৰ দৃশ্য‌ওচাগে বহুতে দেখিছে‌। পিছে এতিয়া সেই সময় নাই। এতিয়া আনন্দ, উল্লাখ কৰাৰ পূৰ্বে বহুবাৰ ভাবিব লাগিব খেলুৱৈসকলে । অন্যথা ভৰিব লাগিব জৰিমনা।

শেহতীয়াকৈ সংঘটিত হৈছে এক আমোদজনক ঘটনা। এগৰাকী ফুটবলাৰে খেলপথাৰত বলটোক চুমা দিয়াৰ বাবেই ভৰিব লগীয়া হৈছে জৰিমনা।

দক্ষিণ আমেৰিকাৰ Ecuador ত অনুষ্ঠিত হৈ থকা এখন ফুটবল খেলত আৰ্জেনটিনাৰ Sergio Lopez য়ে মেচৰ সময়ত বলটোক চুমা দিয়ে। যাৰ বাবে তেওঁ ভৰিবলগীয়া হৈছে ১২০০ ডলাৰ জৰিমনা। Quito-Based Aucas ৰ হৈ খেলা Sergio Lopez য়ে খেলৰ মাজত বলটোক চুমা দিয়াৰ কাৰ্য অনুশাসন কমিটিৰ ওচৰত স্বীকাৰ কৰিছে।

ক’ভিড-১৯ৰ বাবে দীৰ্ঘদিন ধৰি ক্ৰীড়া ক্ষেত্ৰ স্তব্ধ হৈ থকাৰ পিছত এতিয়া ক্ৰমশঃ ক’ভিড প্ৰট’কল ৰক্ষা কৰি খেল পথাৰত পুনৰ খেলুৱৈ নামিছে। অনুষ্ঠিত হৈছে বিখ্যাত বিখ্যাত প্ৰতিযোগিতা। খেল পথাৰত কৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰিবৰ বাবে বিভিন্ন নীতি নিয়ম সৃষ্টি কৰা হৈছে। এই নিয়ম উলংঘা কৰিলেই এতিয়া জৰিমনা বিহা হয়। Sergio Lopez ৰ ক্ষেত্ৰটো সেয়াই হ’ল। কৰ’নাক নিয়ন্ত্ৰণৰ বাবে যিবোৰ নীতি নিয়ম ৰখা হৈছে তাৰ ভিতৰত অন্যতম হৈছে কোনেও বলক চুমা দিব নোৱাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments