football

ফুটবলেহ মোৰ স্কুলখনক ভাল পাবলৈ শিকাইছিল

✍️ ড০ পদ্মপাণি

এতিয়া কেউফালে ফুটবলৰ জ্বৰ। এই জ্বৰত ময়ো আক্ৰান্ত। এইবাৰৰ ফিফা বিশ্বকাপত আৰম্ভণিতেই বহুত অঘটন ঘটিছে। যোবাৰৰ বিজয়ী দল জাৰ্মানীৰ প্ৰথম খেলতেই মেক্সিকোৰ হাতত ১-০ গ’লত পৰাজয়; নৱাগত আইচলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ ১-১ ড্ৰ; মেছিৰ বিফল পেনাল্টী শ্বট। ইত্যাদি, ইত্যাদি।

মোৰ বাবে আটাইতকৈ দুখৰ খবৰটো হ’ল ক্ৰ’ৱেচিয়াৰ হাতত ৩-০ গ’লত আৰ্জেণ্টিনাৰ পৰাজয়। এই পৰাজয়ৰ ফলত মেছিৰ ‘মহানায়কত্ব’ক লৈ যেন উদয় হ’ল বহুত প্ৰশ্ন। হয়তো এই ফলাফলে মেছিৰ সপোন চিৰদিনৰ বাবে কৰি দিব পাৰে নস্যাৎ।

সেইদিনা খেলৰ অন্তত আৰ্জেণ্টিনাৰ অনুৰাগীসকলৰ গেলেৰীত শুনিছিলো উচুপনিৰ শব্দ। কান্দিছিল মাৰাডোনাই। কান্দিছিলো মই। মই কান্দিছিলো আৰ্জেণ্টিনা হৰাৰ বাবে নহয়। মই কান্দিছিলো মোৰ এই ফুটবলৰ মহানায়কজন দেশৰ স্বাৰ্থত আকৌ এবাৰ ব্যৰ্থ হোৱাৰ বাবে। কিন্তু মেছিৰ ওপৰত মোৰ গভীৰ আস্থা আছে। কোনো কোনো বাতৰিকাকতত প্ৰকাশ পোৱাৰ দৰে মাত্ৰ এখন বা দুখন খেলৰ বিফলতাৰ বাবেই ‘মেছিৰ গগনচুম্বী গৌৰৱ মাটিত মিলি গ’ল’ বুলি মই নাভাবো।  আৰ্জেণ্টিনাৰ বিৰুদ্ধে মেছখনত ক্ৰ’ৱেচিয়াৰ জয়ৰ নায়ক লুকা মড্ৰিছৰ দৰে ময়ো ভাবো— ‘মেছি এগৰাকী তুলনাবিহীন খেলুৱৈ। তেওঁ অকলেই সকলোখিনি কৰিব নোৱাৰে।’ মই আশা কৰিম, মেছিয়ে আশানুৰূপ খেল প্ৰদৰ্শন কৰিব আৰু মোৰ এই লেখা প্ৰকাশ পোৱালৈ আৰ্জেণ্টিনাই নাইজেৰিয়াক হৰুৱাই আৰু ক্ৰ’ৱেচিয়াই আইচলেণ্ডৰ লগত ড্ৰ খেলি বা জয়ী হৈ আৰ্জেণ্টিনা নক আউট পৰ্যায়লৈ উন্নীত হ’ব।

ক্ৰ’ৱেচিয়া-আৰ্জেণ্টিনাৰ খেলখনে মোক অন্য এখন খেলৰ কথা মনত পেলাই দিলে। সেইদিনাও মই কান্দিছিলো— উচুপি উচুপি। সেয়া আজি প্ৰায় ষাঠি বছৰৰ আগৰ কথা।

মই তেতিয়া যোৰহাট চৰকাৰী হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ।

সেইবাৰ স্কুল টুৰ্নামেণ্টৰ (উজনি অসমৰ) ফুটবলৰ ফাইনেল খেলখন হৈছিল দুই চিৰন্তন প্ৰতিদ্বন্দ্বী আমাৰ স্কুল আৰু বেজবৰুৱা স্কুলৰ মাজত।

যোৰহাট ষ্টেডিয়াম দৰ্শকেৰে পৰিপূৰ্ণ। দুই দলৰ মাজত তুমুল প্ৰতিযোগিতা। খেল শেষ হ’বলৈ তেতিয়া মাথোন কেইমিনিটমান সময়হে বাকী, অথচ কোনো দলেই গ’ল দিব পৰা নাই।

এবাৰ বলটো আমাৰ স্কুলৰ ফালৰ টাচ লাইন অতিক্ৰম কৰি গ’ল। লাইন্‌ছমেনেও ফ্লেগ জোকাৰি গ’ল-কিক্‌ হোৱাৰ নিৰ্দেশ দিলে। এনেতে বেজবৰুৱা স্কুলৰ খেলুৱৈ এজনে বাহিৰৰ পৰা বলটো আনি আমাৰ স্কুলৰ গ’লৰ ফালে তীব্ৰ বেগেৰে মাৰি পঠিয়ালে। বেকত খেলা ধীৰেন বৰকটকী দাদাই তেওঁক বাধা দিবলৈ কোনো চেষ্টাই নকৰিলে। গ’লকীপাৰেও বলটো নধৰিলে।

দীঘলীয়া হুছেইল বজাই ৰেফাৰীয়ে গ’ল হোৱাৰ সংকেত দিলে। নিমিষতে কি ঘটি গ’ল কোনেও টলকিবই নোৱাৰিলে।

আমাৰ স্কুল এগ’লত হাৰিল। সেইদিনা দেখিছিলো, স্কুল চৌহদৰ এচুকত থকা কেণ্টিনৰ চিৰিত বহি আমাৰ স্কুলৰ খেলুৱৈসকলে ইনাই-বিনাই কান্দিছে।

‘দোষ মোৰ। মোৰ বাবেই আজি আমাৰ স্কুল হাৰিব লগা হ’ল।’ —কান্দি কান্দি ধীৰেনদাই ক’লে।

‘নাই নাই। ভুল তোৰ নহয়, মোৰহে। মই যে বলটো ধৰিবলৈ কোনো চেষ্টাই নকৰিলো।’ —থোকাথুকি মাতেৰে গ’লকীপাৰ বিশ্বদাই ক’লে।

সকলো খেলুৱৈৰ চকুত চকুলো। স্কুলৰ প্ৰিয় খেলুৱৈকেইজনৰ চকুত চকুলো দেখি সেইদিনা ময়ো উচুপি উঠিছিলো। স্কুলখনক গভীৰভাৱে ভালপোৱাৰ প্ৰাথমিক শিক্ষা বোধহয় সেইদিনাই পাইছিলো।

মোৰ জীৱনৰ এই অবিস্মৰণীয় খেলখনৰ কথা মনত পৰিলে আজিও মোৰ চকু সেমেকি উঠে। এজন মহানায়কে নিজৰ দেশক জয়ী কৰোৱাত ব্যৰ্থ হ’লে কেনে মৰ্মবেদনাত ভুগিব লাগে, সেই অনুভৱ দহ বছৰ বয়সতেই মোৰ হৈছিল। সেয়েহে মই মেছিৰ দেশ হৰাত উচুপিছিলো।

শেষত ৱাট্‌ছআপযোগে প্ৰাপ্ত এটি ‘মেছেজ’-এৰে মোৰ আজিৰ লেখা সামৰিব বিচাৰিছোঁ। ‘মেছেজ’টো বিশিষ্ট সাহিত্যিক শ্ৰীযুতা তুলতুল বৰুৱা বাইদেৱে পঠিয়াইছিল মোৰ পৰিবাৰ শিখা মহন্তলৈ। ইংৰাজীতে পঠিওৱা ‘মেছেজ’টোৰ অসমীয়া ভাঙনি কৰিলে হ’ব এনে ধৰণৰ—

মই (মূল কাহিনীকাৰ) স্থানীয় স্কুল খেলপথাৰ এখনত অনুষ্ঠিত ফুটবল মেচ এখন চাবলৈ গ’লো। মই গৈ পোৱাৰ বহু আগতেই খেল আৰম্ভ হৈ যোৱাৰ বাবে দাঁতিত বহা ল’ৰাজনক খেলাৰ ‘ৰিজাল্ট’ সুধিলো। ধুনীয়া হাঁহি এটা মাৰি ল’ৰাজনে ক’লে— ‘আমাৰ স্কুল তিনি-শূন্য গ’লত হাৰি আছে।’

মই ক’লো— ‘হয় জানো· তোমাৰ স্কুল ৩-০ গ’লত হাৰি থকাতো তোমাক দেখোন একেবাৰে হতাশ হোৱা দেখা নাই। মোৰ কিন্তু বিশ্বাস হোৱা নাই।’

—‘হতাশ· হতাশ আকৌ হ’ম কিয়· ৰেফাৰীয়েতো এতিয়াও ‘ফাইনেল হুইছেল’ বজোৱা নাই। আমাৰ স্কুলৰ প্ৰশিক্ষক আৰু খেলুৱৈসকলৰ ওপৰত মোৰ গভীৰ আস্থা আছে। আমি জিকিমেই।’

আৰু সঁচাকৈয়ে অৱশেষত ল’ৰাজনৰ স্কুল ৫-৪ গ’লত জিকিল।

আকৌ এটা ধুনীয়া হাঁহি মাৰি মোক ‘বাই-বাই’ দি ল’ৰাজন গ’লগৈ।

ল’ৰাজনৰ নিজৰ টীমৰ প্ৰতি থকা গভীৰ আস্থা দেখি মই অভিভূত হৈ পৰিলো।

সেইদিনা নিশা শুবলৈ লওঁতে এটা কথাই মোক ভাৰাক্ৰান্ত কৰি তুলিলে ঃ আমাৰ জীৱনটোও দেখোন এখন ফুটবল মেচ। এতিয়াও আমাৰ জীৱনৰ ফুটবল খেলখনৰ ‘ফাইনেল হুইছেল’ বজা নাই। তেন্তে সকলো আশা এৰি দি ইমান হতাশ হওঁ কিয়· বহু ক্ষেত্ৰত ‘ৰেফাৰী’য়ে বজোৱাৰ আগতেই আমি দেখোন নিজেই ‘ফাইনেল হুইছেল’ বজাই দিওঁ। কিন্তু প্ৰাণ থকালৈকে আমাৰ আশা থাকিব, থাকিব সপোন। কোনো  কামেই আমাৰ বাবে অসাধ্য নহয়। ‘হাফ টাইম ইজ নট দ্য ফুল টাইম’।

তেন্তে নিজে নিজে কিয় আপুনি ‘ফাইনেল হুইছেল’ বজাব· আপোনাৰ আৰু বহুত কৰিবলগীয়া আছে। কেতিয়াও হতাশ নহ’ব। নিজৰ ওপৰত ৰখা বিশ্বাস আৰু আস্থাই আপোনাক সেই ল’ৰাজনৰ দৰেই আপোনাৰ জীৱনৰ ফুটবল খেলখনত ৫-৪ গ’লত জয়ী কৰিবই !! ফিফা বিশ্বকাপৰ এই বতৰতে, হে’ মোৰ প্ৰিয় ‘অলিম্পিয়া’ৰ পাঠকবৃন্দ, আপোনালোকলৈ জনালোঁ মোৰ হিয়াভৰা শুভেচ্ছা— জীৱনৰ ফুটবল খেলখনতো আপোনালোক যেন জয়ী হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *