ফুটবলৰ দেশ ব্ৰাজিলত বন্ধ হ’ল ফুটবল। ফুটবল যাৰ ধৰ্ম সেই ধৰ্মক বন্ধ কৰা হ’ল। ব্ৰাজিলিয়ানৰ অস্কিজেনস্বৰূপ ফুটবলক নিসিদ্ধ কৰা হৈছে ব্ৰাজিলত। কৰনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বাবে পুনৰ দেশখনত ফুটবল খেলাটো এতিয়া বেআইনী হল।
ব্ৰাজিলত ক্ৰমাগতভাৱে বাহি অহা কৰনা আক্ৰান্তৰ সংখ্যাৰ প্ৰতি লক্ষ্য কৰি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কৰনাৰ প্ৰথম পৰ্যায়ৰ সংক্ৰমণৰ সময়ত সমগ্ৰ বিশ্বৰ লগতে ব্ৰাজিলতো লকডাউন ঘোষণা কৰা হৈছিল। সমগ্ৰ বিশ্বৰ লগতে ব্ৰাজিলতো বন্ধ আছিল সকলো ক্ৰীড়া মূলক কাম-কাজ। পৰিস্থিতি কিছু উন্নত হোৱাত প্ৰায় স্বাভাৱিক হৈছিল দেশখনৰ পৰিৱেশ। বিভিন্ন কাৰ্যালয়, স্কুল-কলেজ, বজাৰ আদি আৰম্ভ হোৱাৰ লগতে দেশখনত আৰম্ভ হৈছিল ফুটবল।
পিছে পুনৰ দেশখনত কৰ’নাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে পুনৰ ব্ৰাজিলত নিসিদ্ধ কৰা হৈছে ফুটবল খেলা। আগন্তুক ১৫ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ ব্ৰাজিলৰ চাও পাওলো ৰাজ্য়ত কোনো ফুটবল ক্লাবে ফুটবল খেলিব নোৱাৰিব। এই সময়ছোৱাত চাও পাওলোৰ কোনো ফুটবল ক্লাবে কৰিব নোৱাৰিব অনুশীলন আৰু বন্ধ থাকিব সকলো ফুটবল মূলক কাম-কাজ। চাও পাওলো প্ৰশাসনে ফুটবল সম্পূৰ্ণৰূপে এই সময়ছোৱাত বন্ধ কৰিছে। প্ৰশাসনৰ এই নীতি ভংগ কৰিলেই শাস্তিৰ সন্মুখীন হ’ব লাগিব।
আনহাতে এই সময়ছোৱাত চাও পাওলোত অনুষ্ঠিত হ’বলগীয়া চাও পাওলো ৰাজ্যিক ফুটবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনো ৰাজ্য চৰকাৰে বাতিল কৰিছে।
উল্লেখ্যে যোৱা কেইবাটাও দিনত ব্ৰাজিলত কৰ’না আক্ৰন্তৰ সংখ্যা প্ৰতিদিনে ২০০০ ৰো অধিক হিচাপত বৃদ্ধি পাইছে। সেয়ে চাও পাওলো প্ৰশাসনে আগতীয়াকৈ সুৰক্ষামূলক ব্যৱস্থা হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমৰ পৰা বৰ্তমনালৈকে ব্ৰাজিলত ২৭৩,০০০ লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰাৰ লগতে ১.১৩ কোটি লোক কৰ’নাত আক্ৰান্ত হৈছে।