Thursday, July 7, 2022
HomeNewsফুটবল খেলিবলৈ ছুইডেন পালেগৈ কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰী

ফুটবল খেলিবলৈ ছুইডেন পালেগৈ কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰী

ফুটবল খেলিবলৈ ছুইডেন পালেগৈ কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰী

অলিম্পিয়া প্ৰতিবেদন: এক্সপ’জাৰ ট্যুৰৰ বাবে ছুইডেনত উপস্থিত হোৱা ছিনিয়ৰ ভাৰতীয় মহিলা ফুটবল দলৰ ষ্ট্ৰাইকাৰ ৰূপে স্থান লাভ কৰিছে অসম কন্যা অপূৰ্ণা নাৰ্জাৰীয়ে ৷ ব্লু টাইগ্ৰেছ হিচাপে অভিহিত ভাৰতীয় দলটোৱে মহিলাৰ ২৩ বছৰ অনূৰ্দ্ধ তিনি দেশীয় এক টুৰ্ণামেণ্টত অংশ ল’ব ৷

আৰু অধিক পঢ়ক

২২ জুনৰ পৰা ২৮ জুনলৈ ইউৰোপৰ ছুইডেনত হ’ব লগা এই ত্ৰিদেশীয় মহিলা ফুটবল টুৰ্ণামেণ্টত ভাৰত আৰু ছুইডেনৰ লগতে আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ ভাৰতে ২২ জুনৰ নিশা ৯.৩০ বজাত ছুইডেনৰ বিৰুদ্ধে আৰু ২৫ জুনৰ সন্ধিয়া ৬.৩০ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব ৷ ২০ বছৰ অনূৰ্দ্ধ মহিলা দল আৰু ইণ্ডিয়ান এৰোজ মহিলা দলৰ মুখ্য প্ৰশিক্ষক সুৰেণ চেত্ৰী এই দলৰ অস্থায়ী মুখ্য প্ৰশিক্ষক ৰূপে আছে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

২৩ জনীয়া সদস্যৰ ভাৰতীয় দলটোৱে ইউৰোপৰ ভূমিত উপস্থিত হোৱাৰ পূৰ্বে যোৱা ১৩ জুনৰ পৰা পুনেৰ এক প্ৰশিক্ষণ শিবিৰত আছিল ৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে বাছনি কৰা ষ্ট্ৰাইকাৰসকলৰ ভিতৰত প্ৰথম স্থানত ৰাখিছে কোকৰাঝাৰৰ শাৰীৰিক শিক্ষা নিৰ্দেশক বিশ্বজিৎ নাৰ্জাৰীৰ কন্যা অপূৰ্ণাক ৷ অপূৰ্ণাই ইতিমধ্যে ভাৰতৰ ১৯ বছৰ অনূৰ্দ্ধ ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ হৈ বাংলাদেশৰ ঢাকাত ১৯ অনূৰ্দ্ধ ছাফ মহিলা ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল ৷

ছুইডেনত উপস্থিত হোৱা ২৩ জনীয়া ভাৰতীয় দলটো হ’ল– গ’লৰক্ষক ঃ অদিতি চৌহান, লিনথৈগাম্বী দেৱী, শ্ৰেয়া হুদা; ডিফেণ্ডাৰ ঃ ডালিমা চিবেৰ, ছুইটী দেৱী, ৰিতু ৰাণী, আশালতা দেৱী, ৰঞ্জনা চানু, মনিষা পান্না, আৰিফা ছৈয়দ; মিডফিল্ডাৰ ঃ অঞ্জু তামাং, কাৰ্তিকা অংগমুথু, ৰতনবালা দেৱী, প্ৰিয়াংকা দেৱী, মাৰ্টিনা থকচম, সন্তোষ; ফৰৱাৰ্ড ঃ অপূৰ্ণা নাৰ্জাৰী, গ্ৰাচ ডাংমে, সৌম্য গুগুলথ, মনিষা, পিয়াৰী ছাকা, ৰেণু, দুলাৰ মাৰাণ্ডি ৷

উল্লেখ্য যে কোকৰাঝাৰ নগৰৰ পৰা ১৩ কিলোমিটাৰ পশ্চিমে খাগ্ৰাবাৰী গাঁৱৰ বিশ্বজিৎ নাৰ্জাৰী আৰু সতীবালা বসুমতাৰীৰ তৃতীয় কন্যা অপূৰ্ণাই ইতিমধ্যে ১৯ বছৰ অনূৰ্দ্ধ ছাফ গেমছত ঢাকাত ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰে ৷ ইয়াৰ পিছত জামছেদপুৰত ১৮ অনূৰ্দ্ধ ছাফ গেমছত পুনৰ ভাৰতীয় দলৰ হৈ খেলে ৷ ইয়াৰ পাছতে এপ্ৰিলত ভূৱনেশ্বৰত সামৰণি পৰা হিৰো ইণ্ডিয়ান মহিলা ফুটবল লীগত অপূৰ্ণাই ইণ্ডিয়ান এৰোজ দলৰ হৈ ১১ খন মেচত মুঠ ৯ টা গ’ল স্কৰ কৰে ৷

দুখন মেচত তেওঁ হিৰো অৱ দ্য মেচ ট্ৰফী পোৱাৰ লগতে এখন মেচত দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰে ৷ উল্লেখ্য যে ২০২১ বৰ্ষত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে কোকৰাঝাৰত আয়োজন কৰা এক বাচনি শিবিৰৰ যোগেদি অপূৰ্ণাৰ লগতে ফকিৰাগ্ৰামৰ মাইদাংশ্ৰী নাৰ্জাৰীয়ে গোৱাৰ ১৯ বছৰ অনূৰ্দ্ধ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিছিল ৷

অপূৰ্ণাৰ পিতৃ বিশ্বজিৎ নাৰ্জাৰী ৰাজ্যচৰকাৰৰ ক্ৰীড়া বিভাগৰ অধীনৰ ঘৰৰ পৰা ৯ কিলোমিটাৰ নিলগৰ দতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক শিক্ষা নিৰ্দেশক তথা এ এফ চি ‘চি’ লাইচেন্স প্ৰাপ্ত ফুটবল প্ৰশিক্ষক ৷ তেওঁৰ প্ৰথম কন্যা মাইনাও নাৰ্জাৰীয়ে মধ্য প্ৰদেশৰ অমৰাৱতীত এম পি এডৰ চুড়ান্ত বৰ্ষত অধ্যয়ন কৰি আছে ৷

দ্বিতীয় কন্যা মিঠুয়ে বিজ্ঞান শাখাৰ স্নাতক মহলাত আৰু চতুৰ্থ কন্যা দীপাৰাণীয়ে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে ৷ পৰিয়ালৰ তৃতীয় কন্যা অপূৰ্ণাই ইউৰোপত ফুটবল খেলিবলৈ যোৱাৰ কথা জানি পৰিয়ালৰ সকলো সদস্যই সন্তোষ প্ৰকাশ কৰিছে ৷ অপূৰ্ণা স্নাতক মহলাৰ ছাত্ৰী । ক্ৰীড়াপ্ৰেমীৰ আশা এইগৰাকী অসম কন্যাই ফুটবলৰ জড়িয়তে জগত জিনক । সমাগত দিনত দেশে-বিদেশে দপদপাই থাকি উজলাই তোলক অসমৰ নাম । অপূৰ্ণা অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আৰ্হি হৈ উঠক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments