অসম ফুটবল সন্থাৰ ৰেফাৰী ব’ৰ্ডৰ তত্ত্বাবধানত সন্থাৰ স্বীকৃতিপ্ৰাপ্ত জিলা ক্ৰীড়াৰ অন্তৰ্গত ইচ্ছুক ফুটবল ৰেফাৰীসকৰল বাবে কেটেগৰী-৫ৰ পৰীক্ষা ফেব্ৰুৱাৰীত ক্ৰমে ডিব্ৰুগড় আৰু গুৱাহাটীত দুটা ভাগত অনুষ্ঠিত হ’ব।জানিব পৰা মতে অহা ২০ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত বিশ্বনাথ চাৰিআলি , ঢকুৱাখানা, ডিব্ৰুগড়, ডিমা হাছাও, গহপুৰ, কাৰ্বি আংলং, মাৰ্ঘেৰিটা, মৰিগাঁও, নগাঁও, শদিয়া, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ ৰেফাৰীৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ২১ ফেব্ৰুৱাৰীত বোকাখাত, চৰাইদেউ, ধেমাজী, গোলাঘাট, হোজাই, যোৰহাট, কলিয়াবৰ, লিখমপুৰ, মাজুলী, মৰাণ, নাজিৰা, তিতাবৰ আৰু তেজপুৰৰ পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব। আনহাতে গুৱাহাটী মণ্ডলৰ বাবে ২৭ ফেব্ৰুৱাৰীত বিজনী, বঙাইগাঁও, বাগসা, বজালী, চিৰাং, গোসাইগাঁও, গুৱাহাটী, হাইলাকান্দি, কৰিমগঞ্জ, কোকৰাঝাৰ, শিলচৰ আৰু তামুলপুৰৰ পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৮ ফেব্ৰুৱাৰীত বৰপেটা, বিলাসীপাৰা, ভেড়গাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ, মংগলদৈ, নলবাৰী, উত্তৰ শালমাৰা, প্ৰভাতঝাৰ, ৰঙিয়া, শালবাৰী, দক্ষীণ কামৰূপ আৰু ওদালগুৰি জিলাৰ ৰেফাৰীৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
ফেব্ৰুৱাৰীত গুৱাহাটী আৰু ডিব্ৰুগড়ত ফুটবল ৰেফাৰীৰ কেটেগৰী-৫ ৰ পৰীক্ষা
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...